/asomiyapratidin/media/media_files/2025/03/14/MRF2vr9izkeMrsSrEa7u.jpg)
ডিজিটেল ডেস্কঃ 'সদৌ অসম পলিটেকনিক প্ৰতিষ্ঠাপক অংশকালীন প্ৰবক্তা সন্থা'ৰ নেতৃত্বত ৰাজ্যৰ পলিটেকনিক প্ৰতিষ্ঠানৰ প্ৰবক্তাসকলৰ চাকৰি নিয়মীয়াকৰণৰ ন্যায্য দাবীত চচলত চলি থকা আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে অল ইণ্ডিয়া ছেভ এড্যুকেছন কমিটীৰ অসম শাখাই।
আজি সংগঠনটোৰ সভাপতি অধ্যাপক ত্ৰিদিব গগৈ আৰু সম্পাদক অধ্যাপক প্ৰদীপ মহাপাত্ৰ'ই এক বিবৃতি যোগে কয় যে, ৰাজ্যত কাৰিকৰী শিক্ষাৰ বিকাশৰ উদ্দেশ্যে পলিটেকনিক প্ৰতিষ্ঠান স্থাপন কৰিও ইয়াৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ নকৰা, বিপৰীতে ন্যায়সঙ্গত দাবী উত্থাপনৰ বাবে তেওঁলোকক চাকৰিৰ পৰা অপসাৰণ কৰাটো চূড়ান্ত অগণতান্ত্ৰিক, স্বৈৰাচাৰী আৰু অমানৱিক কাৰ্যই নহয়, এয়া প্ৰতিষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা লাভৰ পথত ভয়ংকৰৰ ক্ষতিকাৰক এক শিক্ষা বিৰোধী পদক্ষেপ।
প্ৰতিষ্ঠানসমূহৰ এ আই চি টি ই'ৰ স্বীকৃতিৰ বাবে নিয়মীয়া শিক্ষক হিচাপে দেখুৱাব লগা হোৱা এই শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাটো চৰকাৰৰ নৈতিক দায়িত্ব। সেয়েহে, ন্যায়সঙ্গত দাবী উত্থাপনৰ গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি সন্মান জনাই পলিটেকনিক প্ৰবক্তাসকলক অপসাৰণৰ ঘোষণা অবিলম্বে উঠাই লৈ অগ্ৰাধিকাৰৰ ভিত্তিত এওঁলোকৰ চাকৰি নিয়মীয়া কৰি মানৱ সম্পদ সৃষ্টিত দীৰ্ঘদিন ধৰি অৱদান আগবঢ়োৱা প্ৰবক্তাসকলক ন্যায় প্ৰদানৰ লগতে প্ৰতিষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষালাভৰ প্ৰক্ৰিয়া অক্ষত ৰখাৰ বাবে আমি চৰকাৰৰ ওচৰত দৃঢ় দাবী জনাওঁ।