/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/28653ef1-548f-4141-ae10-073e08b7feee/7.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ৰাজ্যখনৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিভাগীয় অভিযন্তা বিষয়াৰ জৰুৰী কামসমূহ সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে । সোমবাৰে নুমলীগড়ৰ বংকোৱালত ছিগা মথাউৰি পৰিদৰ্শন কৰাৰ পাছত মন্ত্ৰীগৰাকীৰ নিৰ্দেশত মথাউৰিৰ ছিগা অংশ মেৰামতিৰ বাবে মঙলবাৰে ২৫ মিটাৰ দৈৰ্ঘ্যৰ ১২ টা জিঅ' টিউব নুমলীগড়ত সাজু কৰি তোলা হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e1896c71-9ce6-426e-97c4-a0dc8c55c464/664af67d-ca70-4143-adff-eb4b07a328ab.jpg)
আনহাতে কলিয়াবৰৰ হাতীমূৰাত শ্লুইছ গেটৰ কাষত ছিগা মথাউৰি কেনেদৰে মেৰামতি অথবা শীঘ্ৰে পুনৰ নিৰ্মাণ কৰিব পাৰি সেই বিষয়েও মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিজ্ঞ অভিযন্তাৰে ফোনযোগে আলোচনা কৰে । ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে বিভাগে চলাই থকা জৰুৰী কামসমূহৰ বুজ লৈ আছে মন্ত্ৰী হাজৰীকাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e01fd095-998a-4163-8283-3ebff6af7664/91a8919c-8a3c-4f06-adee-68f54b40a95b.jpg)
বিভাগীয় অভিযন্তাসকলক মথাউৰিৰ স্পৰ্শকাতৰ অংশসমূহত সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণেৰে ছিগাৰ পৰা ৰক্ষা কৰাৰ প্ৰয়াস কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে । মুখ্য অভিযন্তাক জিলাসমূহলৈ বান নিয়ন্ত্ৰণৰ বাবে পৰ্যাপ্ত সকলো সামগ্ৰী পঠিওৱা নিশ্চিত কৰাৰ নিৰ্দেশ দিছে ।
আনহাতে ব্ৰহ্মপুত্ৰৰ পানী কমাৰ লগে লগে খহনীয়াৰ পৰা হ'ব পৰা সমস্যাৰ মোকাবিলা কৰিব পৰাকৈ বিভাগক সাজু হৈ থাকিবলৈ মন্ত্ৰীগৰাকীয়ে সকলোকে ফোনযোগে নিৰ্দেশ প্ৰদান কৰিছে ।
Also Read: উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন...