বৰমাত এবছুৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন…

বৰমাত এবছুৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন…

author-image
asomiyapratidin
New Update
বৰমাত এবছুৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন…

ডিজিটেল সংবাদ বাক্সাঃ ১৯৬৭ চনৰ ১৫ ফেব্ৰুৱাৰীত জন্ম লাভ কৰা নিখিল বড়ো ছাত্ৰ সন্থাই ১৫ ফেব্ৰুৱাৰী মঙ্গলবাৰে ৫৫ তম বৰ্ষত ভৰি দিলে ৷ বড়ো জাতিৰ আশা- ভৰসাক আগত ৰাখিয়েই এবছুৰ জন্ম হৈছিল বুলি বৰমাত পালন কৰা ৫৫ সংখ্যক এবছুৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি উল্লেখ কৰে এবছুৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই ৷ তেওঁ লগতে কয় যে, এবছুই সময়ে-সময়ে বড়োসকলৰ মাজত চলি থকা বিভিন্ন সমস্যাসমূহ সমাধান কৰাত মুখ্য ভুমিকা পালন কৰি আহিছে ৷

Advertisment

এনডিএফবি সকলৰ লগত ভাৰত চৰকাৰ, অসম চৰকাৰৰ লগত শান্তি চুক্তিত এবছুই মুখ্য ভূমিকা পালন কৰিছিল বুলিও মন্ত্ৰী উৰ্খাও গোৰা ব্ৰহ্মই মত প্ৰকাশ কৰে ৷ পৃথক বডোলেণ্ড দাবীৰ ফলতে বি এ চি, বিটিচি আৰু বৰ্তমান বিটিআৰ চুক্তি কৰিবলৈ বাধ্য হৈছে ভাৰত চৰকাৰে ৷ বিটিআৰ চুক্তি দফা সমূহ পূৰণ নহ'লে এবছু পুনৰ আন্দোলনত নামিব বুলিও হুংকাৰ দিয়ে কেন্দ্ৰীয় এবছুৰ উপ- সভাপতি ৰোমদৌন বসুমতাৰীয়ে ৷

তেওঁ লগতে কয় যে, বড়ো জাতি যদি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিব লাগে তেনেহলে শিক্ষাৰ গুৰুত্ব দিব লাগিব ৷
বৰমা আঞ্চলিক এবছুৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে এবছুৰ প্ৰাক্তন সভাপতি দীপক কুমাৰ বসুমতাৰী, প্ৰাক্তন অধ্যক্ষ বি চৌমখৌৰ বসুমতাৰী, বাক্সা জিলা এবছুৰ প্ৰাক্তন সভাপতি নৃপেন চন্দ্ৰ বড়োৰ লগতে বাক্সা জিলা এবছুৰ কৰ্মকৰ্তা সকল ৷ পুৱা এবছুৰ পতাকা উত্তোলন কৰে বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীয়ে আৰু স্মৃতি তৰ্পণ কৰে উপ সভাপতি হাংগামা বড়োৱে ৷

assam ABSU