ঘাঁহীত সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ প্রতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠান সম্পন্ন...

ঘাঁহীত সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ প্রতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠান সম্পন্ন...

author-image
Asomiya Pratidin
New Update
ঘাঁহীত সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ প্রতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠান সম্পন্ন...

ঘাঁহীত সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ প্রতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠান সম্পন্ন...

ডিজিটেল সংবাদ বেবেজীয়াঃ ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ ২ ফেব্ৰুৱাৰী তাৰিখে নগাঁও জিলা পুথিভঁড়াল সন্থা আৰু ঘাঁহী বৰসত্ৰ পুথিভঁড়ালৰ সহযোগত বৰসত্ৰ পুথিভঁড়াল প্রাঙ্গণত সামৰণি অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। সামৰণি অনুষ্ঠান উপলক্ষে দিনৰ ২ বজাৰ পৰা স্থানীয় সমাজকর্মী তুলেন চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনিত স্থানীয় মহিলা বিনু দাস বৰগীতেৰে আৰম্ভ কৰা হয়।

Advertisment

সভাত বিশিষ্ট অতিথি হিচাবে নগাঁও জিলা পুথিভঁড়াল সন্থাৰ প্ৰাক্তন সভাপতি শশীন্দ্ৰ দেৱ মহন্তই অংশ গ্ৰহণ কৰি গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা, পুথিভঁড়াল আন্দোলনৰ বিষয়ে ৰাইজৰ আগত বহুলভাৱে ব্যাখ্যা দাঙি ধৰে। সভাত সন্থাই পৰিচালনা কৰা সখী একক অৱস্থান কেন্দ্ৰৰ পৰামৰ্শদাতা অপৰাজিতা নাথ বৰা, স্থানীয় সমাজকৰ্মী লতেশ্বৰ দাস, সন্থাৰ সহঃ প্ৰকল্প বিষয়া বাবলীৰাণী দেৱে পুথিভঁড়াল আন্দোলনৰ সম্পৰ্কত আৰু মহিলা সুৰক্ষাৰ ওপৰত বক্তব্য প্ৰদান কৰে।

সন্থাৰ পৰামৰ্শদাতা ডেইজী সেনাপতিয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বৰসত্ৰ পুথিভঁড়ালৰ পুথিভঁড়ালী বকুল দাসে শলাগৰ শৰাই আগবঢ়োৱা সভাখনি জাতীয় সংগীতেৰে সামৰণি মৰা হয়।

Also Read: ড০ হীৰেন গোহাইৰ জীৱন ভিত্তিক তথ্য চিত্ৰ 'গণতন্ত্ৰৰ ৰণুৱা'ৰ শুভ প্ৰদৰ্শন...

গ্ৰাম্য পুথিভঁড়াল