/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/TINSUKIA-DRIVER-ASSOCIATION-17.jpg)
ডিজিটেল সংবাদ তিনিচুকীয়াঃ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত সদৌ অসম গাড়ীচালক সন্থাই এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ন কৰি চৰ্চালৈ আহিছে । সন্থাৰ কেন্দ্ৰীয় সমিতিৰ লগতে তিনিচুকীয়া জিলা আৰু আঞ্চলিক সমিতিৰ সদস্যসকলে নিৰ্দিষ্ট দিনটোৰ পুৱা তিনিচুকীয়াস্থিত কাৰ্যালয়ত পতাকা উত্তোলন কৰি পৰৱৰ্তী সময়ত চহৰখনৰ আইদেউ সন্দিকৈ বৃদ্ধাশ্ৰয়ত থকা আই মাতৃসকলৰ বাবে এসাজ অন্নৰ লগতে বস্ত্ৰ প্ৰদান কৰে ।
এই চেগতে সন্থাই আই মাতৃসকলৰ পৰা চালক তথা সমাজৰ বঞ্চিতসকলৰ বাবে সংগ্ৰাম কৰি যাবলৈ আৰ্শীবাদ বিচাৰে । ইয়াৰ পিছত সন্থাৰ কৰ্মকৰ্তাসকলে তিনিচুকীয়াৰ ককৰাতলিস্থিত আমাৰ ঘৰ নামৰ বৃদ্ধাশ্ৰয়খন পৰিদৰ্শন কৰি আশ্ৰমত আশ্রিত হৈ থকা আই মাতৃসকলৰ লগত সুসাদ্যমূলক বাৰ্তালাপ কৰে আৰু আশ্ৰয়খনৰ বিপৰীতে এমহীয়া অন্ন যোগান ধৰাৰ সংকল্প গ্ৰহণ কৰে ।
তদুপৰি অস্থায়ীভাৱে থকা বৃদ্ধাশ্ৰয়খন স্থায়ী ৰূপ দিয়াৰ ক্ষেত্ৰত সন্থাই জিলা প্ৰশাসন আৰু অসম চৰকাৰক দাবী জনোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।