ডিজিটেল সংবাদ, মইনবড়িঃ ৰাজ্যখনৰ চৰকাৰী হাইস্কুল, হাই মাদ্ৰাছা, উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া কম্পিউটাৰ শিক্ষা প্ৰদানৰ লক্ষ্যৰে ২০০৪ চনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগত কোটি কোটি টকা ব্যয় সাপেক্ষে আমট্ৰণসহ একাংশ বহুজাতিক কোম্পানীৰ দ্বাৰা ৰাজীৱ গান্ধী কম্পিউটাৰ স্বাক্ষৰতা অভিযান আৰম্ভ আৰু কাৰ্য্যকৰী কৰা হয়। প্ৰথমাৱস্থাত প্ৰতিখন বিদ্যালয়ত মাত্ৰ ১৫০০/-টকা মাহিলী মাননীৰে দুগৰাকীকৈ কম্পিউটাৰ নিৰ্দেশক চুক্তি ভিত্তিত নিয়োগ কৰা হয়। ১০ বছৰ পিছত উক্ত কম্পিউটাৰ স্বাক্ষৰতা অভিযানৰ ম্যাদ উকলি যোৱাত কৰ্মহীন হৈ পৰে প্ৰায় চাৰি হাজাৰ শিক্ষক-শিক্ষয়িত্ৰী।
ইয়াৰ পিছত সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাই তিনিবছৰ ধৰি বিভিন্ন প্ৰকাৰৰ আন্দোলন কৰাৰ পিছত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তদানীন্তন কংগ্ৰেছ চৰকাৰে নিৰ্ধাৰণ কৰা যোগ্যতাৰ ভিত্তিত স্থায়ীভাৱে কম্পিউটাৰ শিক্ষক নিযুক্তি দিয়া হ'ব বুলি আশ্বাস দি প্ৰক্ৰিয়া আৰম্ভ কৰে কিন্ত শেষ পৰ্যায়ত তদানীন্তন শিক্ষামন্ত্ৰীয়ে শিক্ষক সকলক বিশ্বাস ঘাটকতা কৰি বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে মাত্ৰ তিনি মাহৰ বাবে নিযুক্তি দিয়ে। এনে অৱস্থাত, ৰাজ্যত নতুন চৰকাৰ গঠনৰ পিছত উক্ত আঁচনিৰ নাম সলনি কৰি "ড° বাণীকান্ত কাকতি কম্পিউটাৰ স্বাক্ষৰতা আঁচনি" কৰি তিনিটা পৰ্যায়ত নিৰ্ধাৰিত যোগ্যতা আৰু নথি পত্ৰ পৰীক্ষণ ও পৰ্যবেক্ষণ কৰাৰ অন্তত ২০১৮ বৰ্ষৰ মাৰ্চ মাহত দহ হাজাৰ টকা মাহিলী মাননীৰে প্ৰথম পৰ্যায়ত ১১২৭ আৰু দ্বিতীয় পৰ্যায়ত ২৭৭ মুঠ ৪০০৪ গৰাকী কম্পিউটাৰ শিক্ষক (আই চি টি ইন্সট্ৰাকটৰ) চুক্তি ভিত্তি নিযুক্তি দিয়ে।
বৰ্তমান মূল্যবৃদ্ধিৰ যুগত উক্ত শিক্ষক সকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। জানিব পৰা মতে, দ্বিতীয় পৰ্যায়ৰ ৯ মাহ আৰু প্ৰথম পৰ্যায়ৰ শিক্ষক সকলে ৫ মাহ ধৰি মাহিলী মাননী লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে। ফলত উক্ত শিক্ষক সকলৰ পৰিয়ালত চৰম হাহাকাৰ সৃষ্টি হৈছে। ইয়াৰ অধিকাংশ শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়াল ভয়াৱহ বানপানীৰ কৱলত পৰি অতিৰিক্ত সমস্যাত ভুগিব লগা হৈছে।
ইফালে সোমবাৰে সন্থাৰ সভাপতি ৰুকুন উদ্দীন আহমেদ আৰু সম্পাদক পাপুল শইকীয়াই এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে যে, কম্পিউটাৰ শিক্ষকৰ চাকৰি নিয়মীয়া কৰণ, নিয়মিত মাহিলী মাননী আদায়, উপযুক্ত পাঠ্যক্ৰম, কম্পিউটাৰ লেবৰ আধুনিকীকৰণ ইত্যাদি দাবীৰ সমৰ্থনত অহা ৩১ জুলাইত দিছপুৰ লাষ্ট গেটত ধৰ্ণা কাৰ্যসূচী পালন কৰা হ'ব। উক্ত ধৰ্ণা কাৰ্যসূচীত সকলো কম্পিউটাৰ শিক্ষক-শিক্ষয়িত্ৰীক উপস্থিত থাকিবলৈ আহ্বান জনাইছে।