/asomiyapratidin/media/media_files/2025/04/07/US8hNnhwvxXUvnxkipyH.jpg)
শিশু নাট প্ৰতিযোগিতা
ডিজিটেল ডেস্ক: বিগত ৫ আৰু ৬ এপ্ৰিলত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰস্থিত বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হৈ যায় গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ সৌজন্যত আয়োজিত বৃষ্টিপ্ৰিয়া সোঁৱৰণী সদৌ অসম ভিত্তিক শিশু নাট প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনত অসমৰ ভিন্ন প্ৰান্তৰ সৰ্বমুঠ ১৭টা নাট্যদলে অংশগ্ৰহণ কৰে। প্ৰথম দিনৰ প্ৰতিযোগিতাত ১০খন নাটক আৰু দ্বিতীয় দিনৰ প্ৰতিযোগিতাত ৭খন নাটকে অংশ লয়।
প্ৰতিযোগিতাৰ অন্তত বিচাৰকসকলে ঘোষণা কৰা ফলাফলসমুহ এইধৰণৰঃ শ্ৰেষ্ঠ নাট্যদল- দাধৰা ৰূপজ্যোতি মইনা পাৰিজাত, দেৰগাঁও, নাটক ‘আমি মানুহ নহয়’। দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল- নৱসৃষ্টি, পুৰণিগুডাম,নাটক ‘বিলাতলৈ যাব বুবু আৰু দিপালী’। তৃতীয় শ্ৰেষ্ঠ নাট্যদল- প্ৰজাঘৰ, নাটঘৰ পুৰণিগুডাম, নাটক-‘গড়গাওঁ পালেগৈ শিপা। শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে নৱসৃষ্টি, পুৰণিগুডামৰ ‘বিলাতলৈ যাব বুবু আৰু দিপালী’ নাটকখনৰ পৰিচালক সীমান্ত কলিতাই। শ্ৰেষ্ঠ নাট্যকাৰ সন্মান লাভ কৰে ডি. শৰ্মা কালছাৰেল একাডেমীৰ ‘ভোক’ নাটকখনৰ নাট্যকাৰ অঞ্জন শৰ্মাই। শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ সন্মান লাভ কৰে দৰঙৰ সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে(নাটক-ননৈ পৰীয়া সপোন)। শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে অসম নাট্য সন্মিলন, মধুপুৰ শাখাৰ ‘লাইট, কেমেৰা, চাউণ্ড, একছন’ নাটকৰ ডিৰেক্টৰৰ চৰিত্ৰ ৰূপায়ণ কৰা প্ৰিয়ব্ৰত কাশ্যপে। দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে ডি.শৰ্মা কালছাৰেল একাডেমীৰ ‘ভোক’ নাটকখনত বাবুৰ চৰিত্ৰ ৰূপায়ণ কৰা ময়ংক শৰ্মাই। তৃতীয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে নৱসৃষ্টি,পুৰণিগুডামৰ ‘বিলাতলৈ যাব বুবু আৰু দিপালী’ নাটকত গুঞ্জনৰ চৰিত্ৰ ৰূপায়ণ কৰা কিশোৰ ৰঞ্জন গাৰ্গে। শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে দাধৰা ৰূপজ্যোতি মইনা পাৰিজাতৰ ‘আমি মানুহ নহয়’ নাটকত লাজুকীৰ অভিনয় কৰা নৱনিশা বৰাই। দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে নগাঁৱৰ শংকৰ মঞ্চৰ বকুল ফুলৰ দৰে নাটকত আৰ্হিৰ চৰিত্ৰত অভিনয় কৰা সঞ্জিৱনী বৰাই। তৃতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে নগাঁৱৰ ঐকান্তিক সাংস্কৃতিক গোষ্ঠীৰ ধৰাৰ আকল্প নাটকত জুৰিৰ চৰিত্ৰ ৰূপায়ণ কৰা গায়ত্ৰী কলিতাই। তদুপৰি অভিনয়ত বিচাৰকৰ বিশেষ উল্লেখ সন্মান প্ৰদান কৰা হয় আমি মানুহ নহয় নাটকখনত গছৰ চৰিত্ৰত অভিনয় কৰা ক্ৰমে প্ৰয়াসী বৰা, লয়শ্ৰী বৰা আৰু অন্বেসা বৰাক। লগতে পৰিচালনাৰ ক্ষেত্ৰত বিচাৰকৰ বিশেষ উল্লেখ সন্মান প্ৰদান কৰা হয় বকলিয়াঘাটৰ সন্ধান নাট্যদলৰ ভঙা টেকেলী নাটকৰ পৰিচালক মনোজ শইকীয়াক।