শিৱসাগৰত অনুষ্ঠিত হোৱা সদৌ অসম শিশু নাট সমাৰোহৰ সফল সামৰণি, শ্ৰেষ্ঠ নাট্য দলৰ সন্মান যুটীয়াভাৱে লাভ কৰে বিশ্বনাথ চাৰিআলি আৰু নলবাৰীৰ নাট্যদলে…

শিৱসাগৰত অনুষ্ঠিত হোৱা সদৌ অসম শিশু নাট সমাৰোহৰ সফল সামৰণি, শ্ৰেষ্ঠ নাট্য দলৰ সন্মান যুটীয়াভাৱে লাভ কৰে বিশ্বনাথ চাৰিআলি আৰু নলবাৰীৰ নাট্যদলে…

author-image
asomiyapratidin
New Update
শিৱসাগৰত অনুষ্ঠিত হোৱা সদৌ অসম শিশু নাট সমাৰোহৰ সফল সামৰণি,  শ্ৰেষ্ঠ নাট্য দলৰ সন্মান যুটীয়াভাৱে লাভ কৰে বিশ্বনাথ চাৰিআলি আৰু নলবাৰীৰ নাট্যদলে…

ডিজিটেল সংবাদ,শিৱসাগৰঃ শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত স্বেচ্ছাসেৱা অনুষ্ঠান পথিকৃত, খোজ , ৰংমন, যুনান্তৰ, বিহু সুৰক্ষা সমিতি আৰু ৰংপুৰ বাৰ্তাৰ সহযোগত ছাত্ৰ ছাত্ৰী সকলৰ মানসিক উৎকৰ্ষ সাধনৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ২৮ আৰু ২৯ জুলাইত শিৱসাগৰৰ নাট্যমন্দিৰত অনুষ্ঠিত হোৱা সদৌ অসম শিশু নাট সমাৰোহৰ সফল সমাপ্তি ঘটে ।

শিশুনাট সমাৰোহৰ লগত সংগতি ৰাখি শিৱসাগৰৰ সাংস্কৃতিক জগতত বিভিন্ন ধৰণে বৰঙণি আগবঢ়োৱা কুৰি জনৰো অধিক ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়। বিগত বৰ্ষৰ দৰে এই বছৰতো সদৌ অসম শিশু নাট সমাৰোহত সৌৰভপ্ৰাণ শিৱসাগৰ বঁটা প্ৰদান কৰা হয়। শিৱসাগৰ সমাজ আৰু সাংস্কৃতিক জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা বিশিষ্ট শিক্ষাবিদ তথা সমাজ কৰ্মী হাচনা আৰা বেগমক 'সৌৰভপ্ৰাণ শিৱসাগৰ বঁটা' ২০১৯ প্ৰদান কৰে।

শিশু নাট সমাৰোহত দুয়োটা দিনটে অসমৰ বিভিন্নস্থানৰ পৰা প্ৰায় ৩৩ টা শিশু নাট্যৰ দলে অংশ গ্ৰহণ কৰে । সোমবাৰে সামৰণি পৰা এই সমাৰোহত বিচাৰকৰ ফলাফল অনুসৰি শ্ৰেষ্ঠ নাট্য দলৰ সন্মান লাভ কৰে যুটীয়াভাৱে বিশ্বনাথ চাৰিআলিৰ মূৰ্চ্ছনা নাট্য দল নাটক 'ধেৎ তেৰি কি কৰো এতিয়া' আৰু সমন্বয় নাট্যগেষ্ঠী নলবাৰী, নাটক 'গোহালি ঘৰৰ দুৰদৰ্শন'। দ্বিতীয় শ্ৰেষ্ঠ নাট্য দলৰ থিতাপ লাভ কৰে কল্লোল সাংস্কৃতিক গোষ্ঠী শলগুৰি শিৱসাগৰ নাটক 'মানালীৰ সপোন'। তৃতীয় শ্ৰেষ্ঠ নাট্য দল ধেমাজীৰ অংকুৰ মইনা পাৰিজাত নাটক 'ঘূনে ধৰা সপোন'।

শ্ৰেষ্ঠ শৃংখলাবদ্ধ নাট্য দল যোৰহাট বহনাৰ শংকৰ মাধৱ কলা কৃষ্টি কেন্দ্ৰ, নাটক 'পোহৰ পোহৰ জ্ঞানৰ পোহৰ'। শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে প্ৰিন্স কুমাৰ বৰুৱা, দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা ৰঞ্জিত কুমাৰ দত্ত, তৃতীয় শ্ৰেষ্ঠ অভিনেতা চাতুৰ্ম কাশ্যপ। শ্ৰেষ্ঠ অভিনেত্ৰী আনন্দিতা ভৰদ্বাজ, দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী পাৰ্চী বৰা আৰু তৃতীয় শ্ৰেষ্ঠ অভিনেত্ৰী মানালী দত্ত। শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে শতদল বৈশ্য নাটক গোহালি ঘৰৰ দূৰদৰ্শন।

আনহাতে প্ৰতিভাৱান শিশু অভিনেতা বঁটা লাভ কৰে মানসজ্যোতি শৰ্মা, অংকুৰ গোহাঁই, প্ৰীতম বৰা, মনমিত ৰাজা কাশ্যপ আৰু জ্যোতিষ বৰদলৈয়ে। প্ৰতিভাৱান শিশু অভিনেত্ৰীৰ বঁটা লাভ কৰে ভাৰ্গৱী দত্ত, শ্যমঞ্জিতা আৰন্ধৰা, কাব্যশ্ৰী ভূঞা, ৰ'জি ঢেকিয়াল ফুকন আৰু পীয়াক্ষী বৰবৰাই।