বিত্তীয় কেলেংকাৰী! সদৌ অসম আহোম সভাৰ প্ৰাক্তন সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰক সভাৰ পৰা বৰ্খাস্ত

বিত্তীয় কেলেংকাৰী! সদৌ অসম আহোম সভাৰ প্ৰাক্তন সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰক সভাৰ পৰা বৰ্খাস্ত

author-image
Asomiya Pratidin
New Update
বিত্তীয় কেলেংকাৰী!  সদৌ অসম আহোম সভাৰ প্ৰাক্তন সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰক সভাৰ পৰা বৰ্খাস্ত

ডিজিটেল সংবাদ, যোৰহাট: দেওবাৰে ডিব্ৰুগড়ৰ তাই শিক্ষা আৰু সংস্কৃতি কেন্দ্ৰত সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভাখনি অনুষ্ঠিত হৈ যায়। সদৌ অসম আহোম সভাৰ সভাপতি শশাঙ্ক নেওগ, সাধাৰণ সম্পাদক তপন কুমাৰ গগৈৰ লগতে অন্যান্য বিষয়ববীয়াৰ উপস্থিতত অনুষ্ঠিত উক্ত সভাতেই সমূহ বিষয়ববীয়াৰ সৰ্বসন্মতিক্ৰমে সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰক সভাৰ প্ৰাথমিক সদস্য পদৰ পৰাও বৰ্খাস্ত কৰে।

Advertisment

অভিযোগ অনুসৰি ৰাজকোঁৱৰে তেওঁৰ কাৰ্যকালৰ বিত্তীয় প্ৰতিবেদন দাখিল কৰা নাই। তেওঁ বৃহৎ বিত্তীয় কেলেঙ্কাৰী কৰাৰ লগতে অসাংবিধানিক ভাৱে সদৌ অসম আহোম সভাৰ ৰেজিষ্ট্ৰেচন নম্বৰ ব্যৱহাৰ কৰি পলাতক হৈ থকাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম আহোম সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰক আজিৰ সভাই সৰ্বসন্মতি মৰ্মে সদৌ অসম আহোম সভাৰ প্ৰাথমিক সদস্য পদৰ পৰা বৰ্খাস্ত কৰে।

একেদৰে সংবিধান বিৰোধী কাৰ্য-কালাপতো জড়িত থকাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম আহোম সভাৰ আন চাৰিজন সদস্য ক্ৰমে দিগন্ত গগৈ আৰু প্ৰবীণ গগৈ (ধেমাজি), মাৰ্ঘেৰিটাৰ ৰুবুল ফুকন আৰু মৰিগাঁওৰ নকুল চন্দ্ৰ বৰাক আজিৰ সভাই আহোম সভাৰ প্ৰাথমিক সদস্য পদৰ পৰা বৰ্খাস্ত কৰে।

আজিৰ সভাই সকলোকে সদৌ অসম আহোম সভাৰ সন্দৰ্ভত প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰৰ লগত কোনো সাংগঠনিক আৰু বিত্তীয় ক্ষেত্ৰত যোগাযোগ নকৰিবলৈ অনুৰোধ জনায়। কোনোবাই যদি এই ক্ষেত্ৰত যোগাযোগ কৰিলে আহোম সভা দায়ী নহ'ব বুলি স্পষ্ট কৰি দিয়ে।

লগতে আজিৰ সভাই বিত্তীয় কেলেঙ্কাৰীত জড়িত এনে ব্যক্তিক চৰকাৰে দিয়া তাই আহোম উন্নয়ন পৰিষদৰ সদস্য পদৰ পৰাও অব্যাহতি দিবলৈ চৰকাৰ আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে বুলি সদৌ অসম আহোম সভাৰ সভাপতি শশাঙ্ক নেওগ আৰু সাধাৰণ সম্পাদক তপন কুমাৰ গগৈয়ে জনাইছে।

Also Read: নগাঁৱৰ ছিমচ(SIMS) মাল্টি স্পেচিয়েলিটি হাস্পাতালত ডায়লাইছিচ চেন্টাৰ মুকলি