/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/WhatsApp-Image-2022-02-16-at-4.04.54-PM.jpeg)
ডিজিটেল ডেস্ক,গোগামুখ: ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় লোকসকলে উলহ-মালহেৰে পালন কৰিছে কৃষিভিত্তিক উৎসৱ আলি আ-য়ে লৃগাং। সমগ্ৰ ৰাজ্যৰ লগতে গোগামুখৰ ভিন্ন প্ৰান্তত কৃষিভিত্তিক উৎসৱ আলি আ-য়ে লৃগাং পালন কৰা হয়।
গোগামুখস্থিত কাৰপুনপুলিত মিচিং জনগোষ্ঠীয় লোকসকলে পূৰ্বপুৰুষৰ নীতিৰে পবিত্ৰ কৃষিভিত্তিক উৎসৱ আলি আ-য়ে লৃগাং পালন কৰা পৰিলক্ষীত হয়।
পুৱা কাৰপুনপুলিৰ গাওঁৰ মুখিয়ালক ঢোলে দগৰে, গুমৰাম নৃত্যৰে আদৰি আনি ধৰ্মীয় ৰীতি-নীতিৰে পূৰ্বপুৰুষক স্মৰণ কৰি দঞি পল:ক সাক্ষী কৰি বছৰটোৰ বাবে বীজ ৰোপণ কৰা হয়।
লোক বিশ্বাস অনুসৰি আজিৰে পৰা কৃষি কাৰ্যত মনোনিৱেশ কৰিব মিচিং জনগোষ্ঠীয় লোকসকলে। আজিৰ দিনটোত শস্য পথাৰত পোক পৰুৱাই নধৰিবলৈ বিশেষ ভাৱে নীতি নিয়ম কৰা হয়। কাৰপুনপুলিৰ মুৰং ঘৰত থলুৱাভাৱে প্ৰস্তুত কৰা খাদ্য সম্ভাৰ গ্ৰহণ কৰাৰ লগতে পৰ: আপংৰ জুতি লয় জেষ্ঠ সকলে।
ইফালে গোগামুখৰ লতাকতো মিচিং জনগোষ্ঠীয় লোকসকলে পুৱাৰে পৰা বিস্তৃত কাৰ্যসূচীৰে পালন কৰে আলি আ-য়ে লৃগাং। আজিৰ দিনটোত গুমৰাগ আৰু ঐনিতমৰ সুৰত মুখৰিত হৈ পৰে গোগামুখ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us