/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/54ff1004-61b7-4b97-9e55-c189573510cb/ligang_1.jpg)
লৃগত পৰ্ব
ডিজিটেল সংবাদ, ঢকুৱাখনা : আলি আয়ে লৃগাং - মিচিং জনগোষ্ঠীয় কৃষিজীৱী ৰাইজৰ কৃষিভিত্তিক উৎসৱ এই আলি আয়ে লৃগাং প্ৰতি বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপিত হৈ আহিছে যুগ যুগান্তৰ ধৰি। জনগোষ্ঠীয় চহা ৰাইজৰ এই লোক কৃষি উৎসৱ ভাগি ঢকুৱাখনা মহকুমাৰ বিভিন্ন মিচিং জনগোষ্ঠীৰ অধ্যুষিত গাঁওত বুধবাৰে উদযাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/3527078a-1f25-4e45-bd44-fa44ec06f6e0/WhatsApp_Image_2023_02_15_at_1_09_11_PM.jpeg)
পুৱাই জনগোষ্ঠীয় পৰম্পৰা অনুসৰি প্ৰতিটো চুবুৰীৰ লগতে গাঁও ভিত্তিত ,আঞ্চলিক ভিত্তিত এই লোক উৎসৱ অনুষ্ঠিত কৰে কৃষিজীৱী ৰাইজে । পুৱা জনগোষ্ঠীয় চহা ৰাইজে স্বকীয় পৰম্পৰাৰে লৃগত কৰাৰ পাছতে গুমৰাগ চমান গাই আনন্দত মতলীয়া হয়। বৃদ্ধ বৃদ্ধা, পুৰুষ মহিলা, যুৱক যুৱতী সকলোৱে গুমৰাগ চমান গাই, নাচি বাগি আনন্দত মতলীয়া হৈ বীজ সিঁচা পৰ্বত অংশ গ্ৰহণ কৰে। বিগত প্ৰায় ৩০ বছৰীয়া পৰম্পৰা অক্ষুন্ন ৰাখি এইবাৰ ঢকুৱাখনা কেন্দ্ৰীয় আলি আয়ে লৃগাং উৎসৱ উদযাপন সমিতিৰ উদ্যোগতো ৩১ সংখ্যক আলি আয়ে লৃগাং উৎসৱ অনুষ্ঠিত কৰা হয় । ১৪ আৰু ১৫ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনা জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰ প্ৰাংগণত অনুষ্ঠিত এই কেন্দ্ৰীয় ভাবে উদযাপিত লৃগাংৰ লৃগত কৰে উদযাপন সমিতিৰ সভাপতি মীনা ৰাম পেগুৱে ।
লৃগত সম্পন্ন কৰাৰ পাছতে পৰম্পৰাগত পুৰাং আপিন , পৰআপং , বানাম এগ আদিন , বানাম অংগ আদি বিভিন্ন জনগোষ্ঠীয় খাদ্য সম্ভাৰেৰে অভ্যাগত সকলৰ লগতে নিজেও খাই আত্মহাৰা হয়। ইয়াৰ পাছতে কেন্দ্ৰীয় লৃগাংৰ স্মৃতিগ্ৰন্থ "লৃগাং-২০২৩" উন্মোচন কৰে মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিতিমণি পেগুৱে । নিজৰ উন্মোচনী বক্তব্যত প্ৰশাসনিক বিষয়া পেগুৱে কয় " সাহিত্য অবিহনে কোনো এটা জাতি বিশ্বৰ বুকুত স্বাভিমানেৰে জীয়াই থাকিব নোৱাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/b5924cf3-f924-4fc8-bf95-1077ccb76dba/WhatsApp_Image_2023_02_15_at_1_02_10_PM.jpeg)
এটা জাতিক আগুৱাই নিয়াত এই সাহিত্য চর্চাই বহু পৰিমানে অৱদান আগবঢ়াই। কোনো এটা নৃগোষ্ঠীয় অনুষ্ঠান বা উৎসৱৰ স্মৃতিগ্ৰন্থই হল জাতিটোৰ দাপোন স্বৰূপ। একো একোখন সমাজৰ আশা আকাংক্ষা, আৱেগ অনুভূতি, বিদ্ৰোহ প্ৰাপ্তি সকলো এই ভাষা সাহিত্যৰ চৰ্চাৰ জৰিয়তে স্মৃতিগ্ৰন্থত প্ৰকাশ কৰি উন্নয়ন বিকাশৰ পথেৰে জাতিটোক আগুৱাই নিয়াত বৰেণ্য অৱদান আগবঢ়াই । উন্মোচক পেগুৱে এই উন্মোচিত স্মৃতিগ্ৰন্থখনে জ্ঞান পিপাশু প্ৰজন্মৰ মাজত নতুন বাৰ্তা কঢ়িয়াই আনি সামাজিক মাধ্যমৰ দিনত অধ্যয়ন বিমুখীতা দূৰ কৰি জ্ঞান অন্বেষণৰ এক নতুন চানেকি গঢ়ি তুলিব বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/f68afb5f-4fbc-4c85-b5e2-32ceb257a035/WhatsApp_Image_2023_02_15_at_1_02_10_PM__1_.jpeg)
পৰৱৰ্তী সময়ত কেন্দ্ৰীয় লৃগাং উদযাপন সমিতিৰ সভাপতি মীনা ৰাম পেগুৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত স্থায়ী সমিতিৰ সভাপতি ভৱজিত দলে, স্থায়ী সমিতিৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, স্থায়ী সমিতিৰ প্ৰাক্তন সম্পাদক ভবেন দলে, উদযাপন সমিতিৰ সম্পাদক দ্বীপেন দলে, উদযাপন সমিতিৰ সদস্য ক্ষীৰোদ পেগু আদি গৰিষ্ঠ সংখ্যক জনগোষ্ঠীয় ৰাইজ উপস্থিত থকা সভা গৃহ গুমৰাগ নৃত্যৰ ছন্দত মুখৰিত হয় । বৃহস্পতি বাৰে দুদিনীয়া লৃগাং কাৰ্যসূচীৰ সামৰণি পৰিব। ইপিনে ঢকুৱাখনা নগৰৰ "ৰুৱাদ" নগৰতো দিন জোৰাকৈ পৰম্পৰাগত ভাৱে এই লৃগাং উদযাপন কৰা হয়।
আৰু পঢ়ক : পৰম্পৰা আৰু ৰীতি, নীতিৰে জোনাইত আলি-আয়ে লৃগাংঃ চাওঁক ইয়াৰ তাৎপৰ্য আৰু অৰ্থ...