বিমানৰ ভিতৰত সুৰাপান; দুজন লোকক গ্ৰেপ্তাৰ...

দিল্লী-পাটনা অভিমুখী ইণ্ডিগো বিমানত অঘটন। দেওবাৰে নিশাৰ ভাগত বিমানৰ ভিতৰত দুজন ব্যক্তিক সুৰাপান কৰাৰ অপৰাধত গ্ৰেপ্তাৰ আৰক্ষীৰ।

author-image
Asomiya Pratidin
New Update
বিমানৰ ভিতৰত সুৰাপান; দুজন লোকক গ্ৰেপ্তাৰ...

বিমানৰ ভিতৰত সুৰাপান; দুজন লোকক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্ক: দিল্লী-পাটনা অভিমুখী ইণ্ডিগো বিমানত অঘটন। দেওবাৰে নিশাৰ ভাগত বিমানৰ ভিতৰত দুজন ব্যক্তিক সুৰাপান কৰাৰ অপৰাধত গ্ৰেপ্তাৰ আৰক্ষীৰ। পাটনা বিমানবন্দৰ আৰক্ষী থানাৰ এজন বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি বিমান সংস্থাৰ লিখিত অভিযোগৰ ভিত্তিতেই এই দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Advertisment

উল্লেখ্য যে, ইণ্ডিগো বিমান 6E-6383ত সংঘটিত হৈছিল এই ঘটনাটো। গ্ৰেপ্তাৰ কৰা লোক দুজন ক্ৰমে ৰোহিত আৰু নীতিশ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা অনুসৰি বিমানৰ ভিতৰত সুৰাপান কৰাত বিমানৰ কৰ্মচাৰী সকলে বাধা প্ৰদান কৰিছিল আৰু তাৰ পাছত ব্যক্তি দুজনে লিখিতভাৱে ক্ষমা বিচাৰে বিমান কতৃপক্ষৰ ওচৰত ।

আৰু পঢ়ক: বজালীৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ২ যুৱক...

flight indigo