ঢেকীয়াজুলিত অক্ষৰ ফাউণ্ডেশ্যনৰ বিশেষ উদ্যোগঃ ১৪খন বিদ্যালয়ক সামৰি কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা...
ডিজিটেল ডেস্কঃ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস প্ৰাথমিক বিদ্যালয়ত অক্ষৰ ফাউণ্ডেশ্যনৰ উদ্যোগত বাহ-কাঠৰ সামগ্ৰীৰ প্ৰদৰ্শনী লগতে ঢেকীয়াজুলিৰ আশে পাশে থকা ১৪খনকৈ বিদ্যালয়ক সামৰি লৈ কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হয়।
এই বিশেষ অনুষ্ঠানত সমূহ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু আন শিক্ষক শিক্ষয়িত্ৰী লগতে অক্ষৰ ফাউণ্ডেশ্যনৰ মাণ্ডলিক তত্বাৱধায়ক, অৱসৰপ্ৰাপ্ত শিক্ষকবৃন্দৰ লগতে বহুকেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।
অক্ষৰ ফাউণ্ডেশ্যনৰ অনুষ্ঠানত এই বিদ্যালয় সমূহৰ মাজত এনাজৰীৰ গঢ় দিয়াৰ লগতে এফ এল এন ৰ(FLN- FOUNDATIONAL LITERACY AND NUMARACY] প্ৰতি শিক্ষাৰ্থীক দিব লগা সচেতনতা, প্লাষ্টিক সংগ্ৰহ আৰু প্লাষ্টিকৰ পুনৰ্ব্যৱহাৰ কৰি প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ লগতে কাৰিকৰী দক্ষতাৰ প্ৰশিক্ষণত ( Vocational training) ভবিষ্যত সচেতনতাৰ বিষয়ত উপস্থিত সকলোকে বিতং বিবৰণ দিয়াৰ চেষ্টা ক