মানকাচৰত প্ৰথম বাৰৰ বাবে গঠন হ’ল আক্ৰাছুৰ জিলা সমিতি

মানকাচৰত প্ৰথম বাৰৰ বাবে গঠন হ’ল আক্ৰাছুৰ জিলা সমিতি

author-image
asomiyapratidin
New Update
মানকাচৰত প্ৰথম বাৰৰ বাবে গঠন হ’ল আক্ৰাছুৰ জিলা সমিতি

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা মানকাচৰ জিলাত মঙলবাৰে প্ৰথম বাৰৰ বাবে আক্ৰাছুৰ জিলা সমিতি গঠন কৰা হয়। উল্লেখযোগ্য যে আজিৰ পৰা প্ৰায় ৩২ বছৰ পূৰ্বে কোচ ৰাজবংশী জনজাতীয় লোক সকলৰ ছাত্ৰ সন্থা আক্ৰাছু গঠন কৰা হৈছে।

Advertisment

কিন্তু মানকাচৰ জিলাত কোচ ৰাজবংশীৰ বহু জনজাতীয় লোক বসবাস কৰাৰ পাছতো দীৰ্ঘ দিনে জিলা খনত গঠন হোৱা নাছিল আক্ৰাছুৰ জিলা সমিতি। অৱশেষত একাংশ ছাত্ৰ নেতাৰ তৎপৰতাত আজি জিলা খনত আক্ৰাছুৰ এখন জিলা সমিতি গঠন কৰা হয়। আক্ৰাছুৰ এই জিলা সমিতিত হিতো ৰঞ্জন বর্মনক সাধাৰণ সম্পাদক হিচাপে বাছনি কৰাৰ লগতে কাৰ্তিক বৰ্মনক সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। প্ৰথম বাৰৰ বাবে দক্ষিণ শালমাৰা মানকাচৰ জিলাত এই জিলা সমিতি গঠন কৰা হয়।

মন কৰিবলগীয়া যে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বলোৰাম বৰ্মনৰ উপস্থিতত মানকাচৰৰ বাঘাপাৰা নাৰিভিটা এল পি স্কুলত আজি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি কোচ ৰাজবংশীৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয়। এই সভাৰ অন্তত বৰ্মন কয় চৰকাৰে আমাক কমতাপুৰ ৰাজ্য দিবই লাগিবই। আনহাতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কোচ ৰাজবংশীৰ বিভিন্ন সমস্যাৰ বিষয়ে সদায় মাত মাতি যাব বুলিও বৰ্মনে মত প্ৰকাশ কৰে।

আৰু পঢ়ক: জেংৰাইমুখ টাউনত খেৰকটীয়া নৈৰ ভয়ংকৰ খহনীয়া: নিমিষতে জাহ গ'ল ব্ৰহ্মপুত্ৰৰ ডেৰ কোটি টকীয়া সুৰক্ষা প্ৰকল্প…

assam south salmara