/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/4859e7cd-8023-411e-aa56-6ba646bd5dc9/akhil.jpg)
ডিজিটেল ডেস্ক : সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। অসম বিধানসভাৰ প্ৰথমদিনা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিধানসভাত সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে।
বিধানসভাত অখিল গগৈয়ে উঠোৱা সভাস্থগিত প্ৰস্তাৱটো হ'ল "অসমৰ চৰকাৰী বিদ্যালয়সমূহত গণিত আৰু বিজ্ঞানৰ পাঠদান তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী কৰা হ'ব বুলি শিক্ষামন্ত্রী ডা: ৰণোজ পেগু ডাঙৰীয়াই কৰা গুৰুত্বপূৰ্ণ ৰাজহুৱা ঘোষণাৰ ওপৰত অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনা জৰুৰীভাৱে আলোচনা কৰিবলৈ অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ ৫৬ নং নিয়ম অনুসৰি এই সভাস্থগিত প্রস্তাৱ উত্থাপন কৰা হওক।"
উল্লেখ্য যে "যোৱা ৯ ছেপ্টেম্বৰত অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছিল “চৰকাৰী বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদান ইংৰাজী মাধ্যমতে হ'ব। চৰকাৰে এই সিদ্ধান্ত সলনি নকৰে।"
তাৰ পাছত ১০ ছেপ্টেম্বৰত অসমৰ সংবাদমাধ্যমত শিক্ষামন্ত্রীয়ে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা বুলি জানিলৈ দিয়ে। গতিকে বিষয়টো অতি জৰুৰী আৰু অতি ৰাজহুৱা স্বার্থ জড়িত বিষয়। সেয়েহে ইয়াৰ ওপৰত অসম বিধানসভাত জৰুৰী আলোচনা হ'ব লাগে বুলি তেওঁ সভাস্থগিত প্ৰস্তাৱ আগবঢ়ায়।
"এইটো এটা অতি ভয়ংকৰ যুগান্তকাৰী সিদ্ধান্ত আৰু ই ৰাজ্যখনৰ নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ ওপৰত ভয়ংকৰ কুপ্ৰভাৱ পেলাব। সেয়েহে এই গুৰুত্বপূৰ্ণ ৰাজহুৱা বিষয়টোৰ জৰুৰী আলোচনাৰ বাবে ১২ ছেপ্টেম্বৰ, ২০২২ তাৰিখে অসম বিধান সভাৰ অধিৱেশনৰ অন্যান্য কার্যসূচী স্থগিত ৰাখি এই বিষয়টো আলোচনা হ'ব লাগে।" বুলি প্ৰস্তাৱ পত্ৰত উল্লেখ কৰে অখিল গগৈয়ে।