/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/18288af7-31b7-4bfb-9d1b-665168c583ad/akhil.jpg)
ডিজিটেল ডেস্ক : ভিক্টৰ দাসৰ গ্ৰেপ্তাৰক গৰিহণা দিছো। অভিযোগ উঠোৱা মানুহক গ্ৰেপ্তাৰ কৰি চৰকাৰে স্পষ্টভাৱে জনাই দিছে অসমত এতিয়া গণতন্ত্ৰ নাই। জীয়াই থকাটোৱে এতিয়া কঠিন কাম। এইদৰে মন্তব্য কৰে অখিল গগৈয়ে।
ভিক্টৰ দাসে অভিযোগ কৰিছিল। সেই অভিযোগৰ ভিত্তিত তদন্ত কৰি দোষীক বিচাৰি উলিয়াব লাগিছিল। তেওঁৰ অভিযোগ তদন্তত মিছা প্ৰতিপন্ন হ’লেও তেওঁক গ্ৰেপ্তাৰ কৰাটো বেআইনী বুলিও তেওঁ উল্লেখ কৰে।
তেওঁ কেৱল পুলিচ বিষয়াক টুইট কৰি অভিযোগ উত্থাপন কৰিছিল। অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰি চৰকাৰে প্ৰতিবাদ নি:শেষ কৰিব খুজিছে। ৰাইজৰ দলে ভিক্টৰ দাসৰ গ্ৰেপ্তাৰক গৰিহণা দিছো আৰু তেওঁক মুকলি কৰি দি অভিযোগৰ তদন্ত কৰিবলৈ দাবী জনাইছো বুলি দাসক গ্ৰেপ্তাৰৰ পাছত অখিল গগৈয়ে মন্তব্য কৰে।