ভোট নিদিলে জবাব দিব লাগিব: অখিল

ভোট নিদিলে জবাব দিব লাগিব: অখিল

author-image
asomiyapratidin
New Update
ড্ৰাগছ, এনকাউণ্টাৰ, ছিণ্ডিকেটক লৈ সৰৱ অখিল গগৈ…

ডিজিটেল ডেস্ক: ৰাজ্যসভা নিৰ্বাচনক লৈ কংগ্ৰেছ এআইইউডিএফৰ মাজত সংঘাত অব্যাহত আছে। তাৰ মাজতেই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সতৰ্ক কৰি দিলে যে যি কোনো মূল্যৰ বিনিময়ত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী গৰাকীক জয়ী কৰি পঠিয়াব লাগে। যদি কোনোবাই বিশ্বাসঘাটকতা কৰে তেনেহলে মুকলিকৈ তেওঁ জবাবদিহি হ'ব লাগিব।

Advertisment

বেলট পেপাৰত যিহেতু কমিট নম্বৰ থাকিব কোনো কাক ভোট দিলে সেয়া ওলাই পৰিব। বিজেপি আৰু এআইইউডিএফৰ নেতৃত্বৰ মাজত চলা বাকযুদ্ধ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অখিল গগৈয়ে।এনেধৰণৰ কৰ্মকাণ্ড দুয়ো পক্ষৰ বাবে গ্ৰহণযোগ্য নহয় বুলি কয় অখিল গগৈয়ে।

ইফালে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে দাবী কৰে যে ৰাজ্যসভা নিৰ্বাচনত তেওঁলোকে ৰিপুন বৰাকে ভোটদান কৰিব। বিজেপিক সহায় কৰিবলৈ ভূপেন বৰাই এআইইউডিএফক আক্ৰমণ কৰা বুলি অভিযোগ কৰিলে এআইইুডিএফৰ আন এগৰাকী বিধায়ক কৰিমুদ্দিন বৰভূঞাই।

আৰু পঢ়ক:

assam congress bjp akhil gogoi aiudf rajya sabha election