গণতন্ত্ৰ নামৰ আইজনীৰ বস্ত্ৰহৰণ কৰিছে হিমন্ত বিশ্বই: অখিল গগৈ

গণতন্ত্ৰ নামৰ আইজনীৰ বস্ত্ৰহৰণ কৰিছে হিমন্ত বিশ্বই: অখিল গগৈ

author-image
asomiyapratidin
New Update
গণতন্ত্ৰ নামৰ আইজনীৰ বস্ত্ৰহৰণ কৰিছে হিমন্ত বিশ্বই: অখিল গগৈ

ডিজিটেল ডেস্ক: "গণতন্ত্ৰ নামৰ আইজনীৰ বস্ত্ৰহৰণ কৰিছে। দুষাসনৰ ভূমিকা পালন কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপি দলে আজি কৌৰৱৰ ভূমিকা পালন কৰিছে" – এই মন্তব্য ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ।

গগৈয়ে কয় যে "এনেকুৱা এটা ঠাইলৈ আহিলো যত মানুহ কিনা বেচা হয়। অত্যন্ত লজ্জিত হৈ কৈছো মোৰ এনে লাগিছে যে আজি মই বিধায়কৰ পদটো এৰি দিও। গণতন্ত্ৰৰ মন্দিৰত যদি কিনা বেচা হয় মানুহে কেনেকৈ ন্যায় পাব। মুখ্যমন্ত্ৰী গৰাকীয়ে আগতে গম পাই কোনে কেনেদৰে ভোট দিব"। লগতে তেওঁ কয় যে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আজি লজ্জিত। কিয়নো মুখ্যমন্ত্ৰী গৰাকীয়ে কিনা বেচা কৰে মানুহৰ।

উল্লেখ্য যে, বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰাজ্যসভা নিৰ্বাচন। ইতিমধ্যে কংগ্ৰেছৰ পৰা নিলম্বন কৰিছে বিধায়ক চিদ্দিক আহমেদক। কিছু সময় পাছতেই ওলাই পৰিব নিৰ্বাচনী ফলাফল।

congress bjp aiudf rajya sabha election