/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/akhil-1.jpg)
ডিজিটেল সংবাদ গোৱালপাৰা:'গণতান্ত্ৰিক দেশ এখনত পুৱতি নিশা তিনি বজাত গৈ অভিযুক্ত নাগৰিকৰ ঘৰ কেনেকৈ ভাগি দিব পাৰে।এয়া চূড়ান্ত অভদ্ৰামি।এয়া চূড়ান্ত অন্যায়।এয়া চূড়ান্ত অৰাজকতা।এনেকুৱা অৰাজকতাৰ বাবে গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে'- বটদ্ৰৱাৰ শেহতীয়া অৰাজক পৰিস্থিতিকলৈ ৰবিবাৰে গোৱালপাৰাত অনুষ্ঠিত ৰাইজৰ দলৰ এখনি কৰ্মীসভাত অংশ ল'বলৈ আহি এইদৰে সংবাদ মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে।
তেওঁ বটদ্ৰৱাৰ কাণ্ডৰ ন্যায়িক তদন্ত দাবী কৰি কয়- 'একাংশ দুস্কৃতিকাৰীয়ে যি দৰে আৰক্ষী থানা জ্বলাই দিলে তাক আমি গভীৰভাৱে, তীব্ৰভাৱে নিন্দা কৰিছো।আমি ৰাইজৰ দলে বিচাৰো যে এনেকুৱা দুস্কৃতিকাৰীক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে আৰু আইনগতভাৱে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহন কৰিব লাগে। কিন্তু একেটা সময়তে ৰাইজৰ দলে বিচাৰো যে এজন অভিযুক্তক থানালৈ ধৰি নি যিদৰে হত্যা কৰা হ'ল,যিসকলে হত্যা কৰিলে তেওঁলোকৰ ওপৰতো কঠোৰ ব্যৱস্থা হাতত ল'ব লাগে চৰকাৰে।দুয়োটা পক্ষই আইন হাতত তুলি লৈছে।বটদ্ৰৱা থানাখন জ্বলাই দিয়াটো আইন হাতত তুলি লোৱাৰ চূড়ান্ত পৰ্যায়।আইন হাতত তুলি লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে।
লগতে কয় যে সেইদৰে এজন অভিযুক্তক থানালৈ নি হত্যা কৰাটোও আইন হাতত তুলি লোৱা ঘটনা।আইন হাতত তুলি লোৱা এই দুয়োটা ঘটনাক আমি নিন্দা কৰি তীব্ৰ ভাষাৰে গৰিহণা দিছো।দুয়োটা ঘটনাৰ ন্যায়িক তদন্তৰ বাবে আমি দাবী জনাইছো।একেটা সময়তে আৰু এটা ঐতিহাসিক অন্যায় কাম অসমত আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ চৰকাৰে।সেইটো হ'ল আৰক্ষী থানা জ্বলাই দিয়া অভিযুক্তসকলৰ ঘৰ পুৱতি নিশা তিনি বজাত বুলড'জাৰ লগাই ভাঙি দিয়াটো'।
কোনখন আইনৰ অধীনত গণতান্ত্ৰিক দেশ এখনত হিমন্তবিশ্বৰ শৰ্মাৰ চৰকাৰে পুৱতি নিশা বুলড'জাৰ লগাই অভিযুক্তসকলৰ ঘৰ ভাগি দিছে সেই প্ৰশ্ন উত্থাপন কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এই অগণতান্ত্ৰিক আৰু অমানৱীয় কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি এনে অৰাজকতাৰ বাবে গৃহমন্ত্ৰীৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে বুলি দাবী কৰে অখিল গগৈয়ে।
ঘন্টাৰ পিচত ঘন্টা ধৰি দুস্কৃতিকাৰীয়ে বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণ কৰি আৰক্ষীৰ সন্মুখতে থানা জ্বলাই দিয়া ঘটনাই আৰক্ষী প্ৰশাসনৰ নগ্ন স্বৰূপ উদঙাই দিয়া বুলিও অখিল গগৈয়ে মন্তব্য কৰে। উল্লেখযোগ্য যে,আজি দুপৰীয়া বাৰমান বজাত ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰাৰ পৰা শিৱসাগৰ বিধান সভা সমষ্টিৰ স্থানীয় বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে গোৱালপাৰা চহৰৰ বি অ' চিস্থিত গান্ধী ভৱনত জিলা সমিতিয়ে অনুষ্ঠিত কৰা কৰ্মী সভাত মুখ্য অতিথিৰ ৰূপত অংশ লয়।
কৰ্মী সভাখনত তেওঁ সংখ্যালঘু প্ৰধান জিলাখনত ৰাইজৰ দলৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ দলৰ স্থানীয় নেতা-কৰ্মীসকলৈ আহ্বান জনাই প্ৰেৰণা মূলক বক্তৃতা দিয়ে।কেইবাশতাধিক নেতা-কৰ্মী উপস্থিত থকা আজিৰ এই কৰ্মী সভাখনত অখিল গগৈক সংগ দি অতিথি হিচাপে উপস্থিত থাকে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান আৰু মুখপত্ৰ জ্ঞানেশ্ৰী বৰা।দলৰ নেতা-কৰমীসকলক উদ্দেশ্যে দুয়োগৰাকী অতিথিয়ে বক্তব্য আগবঢ়াই ৰাইজৰ দলক শক্তিশালী কৰি তুলিবলৈ আহ্বান কৰে।
কৰ্মী সভাখনত অংশগ্ৰহণ কৰাৰ পূৰ্বে বিধায়ক অখিল গগৈয়ে গোৱালপাৰা চহৰৰ গাতে লাগি থকা বলদমাৰী চৰৰ গৰাখহনীয়াত আক্ৰান্ত চহা ৰাইজৰ দুখ-দুৰ্গতিৰ খবৰ ল'বলৈ বলদমাৰী চৰত উপস্থিত হয়। তেওঁ চৰাঞ্চলটোত সম্প্ৰতি চলি থকা নদীৰ ভয়ানক গৰাখহনীয়াৰ বুজ লৈ সংবাদ মাধ্যমক সাক্ষাৎ কৰে। বটদ্ৰৱাৰ শেহতীয়া অৰাজক পৰিস্থিতিকলৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী জনোৱাৰ উপৰিও তেওঁ অসমৰ বান সমস্যা আৰু মূল্য বৃদ্ধিক লৈও ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰূদ্ধে সোচ্চাৰ হৈ পৰে সংবাদ মাধ্যমত।
নিৰ্বাচনৰ পূৰ্ব চৰকাৰে অসমক বান মুক্ত কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি আজিলৈ ৰক্ষা কৰা নাই বুলি অভিযোগ কৰি অখিল গগৈয়ে কয়- চৰকাৰে ব্ৰহ্মপুত্ৰ নদীৰ বক্ষ ড্ৰেজিং কৰি দ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ডাঙৰ ডাঙৰ পুখুৰী(ৰিজাৰ্ভাৰ) খান্দি বাৰিষাত পানী সংৰক্ষণ কৰিব।আৰু সেই পানী খৰাঙত খেতিপথাৰত যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু দুয়োখন চৰকাৰে আজিলৈ কোনো এটা প্ৰতিশ্ৰুতি পালন কৰা নাই। বলদমাৰী চৰৰ নদীৰ খহনীয়াক লৈও তেওঁ মন্তব্য আগবঢ়ায়।
তেওঁ কয়-বলদমাৰী চৰৰ খহনীয়াক লৈ মই আগতেও ইয়ালৈ কেইবাবাৰো আহিছো। আন্দোলনো কৰিছো।জিলা প্ৰশাসনক মই দাবী জনাইছিলোঁ যে- গোৱালপাৰা চহৰক বচাবলৈ হ'লে বলদমাৰী চৰক বচাব লাগিব।আৰু বলদমাৰী চহৰক বচাবলৈ হ'লে যথোচিত প্ৰকল্প ৰূপায়ন কৰিব লাগিব। কিন্তু আজিলৈ সমস্যা সমাধান নহ'ল।বলদমাৰী চৰাঞ্চলৰ খহনীয়া প্ৰতিৰোধৰ নামত চিগনেচাৰ,আৰ আই ডি এফ প্ৰকল্পৰ নামত কোটি কোটি ধন অপচয় কৰা ঠিকেই হ'ল, খহনীয়া প্ৰতিৰোধ কিন্তু নহ'ল।
পৰিণতিত গোৱালপাৰা চহৰখনৰ প্ৰতিয়েই আজি তীব্ৰ ভাবুকি আহি পৰিছে।অতি শিঘ্ৰেই বলদমাৰী চৰৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ তেওঁ চৰকাৰৰ ওচৰত দাবী জানাইছে।কৰ্মী সভাখনত অংশ লোৱাৰ পিছত তেওঁ গোৱালপাৰাৰ নতুন আবৰ্ত ভৱনত উপস্থিত হৈও সংবাদ মাধ্যমক সুকীয়াকৈ বটদ্ৰৱাৰ ঘটনাকলৈ প্ৰতিক্ৰিয়া কৰে।
আৰু পঢ়ক: "ভাষাটো জীয়াই ৰাখিবলৈ হ'লে সাহিত্য জীয়াই থাকিব লাগিব" -ৰঞ্জু হাজৰিকা