New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/akhil-gogoi_092617093450.jpg)
ফাইল ফটো..
- সদ্যঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক নেতা অখিল গগৈয়ে।
- 'নিৰ্বাচনৰ ফলাফলে এয়াই প্ৰমাণ কৰিলে যে ভাৰতৰ জনগণে নিজেই নিজৰ বিৰুদ্ধে ভোটদান কৰিছে।'
- 'বিজেপিয়ে নিৰ্বাচনত জয়লাভ কৰিলেও জনসাধাৰণৰ মাজত নাই কোনো আনন্দ স্ফূৰ্তি।'
- 'বিকল্প নথকা বাবেই বিজেপিক ভোট দিছে ৰাইজে।'
- 'বিজেপিৰ কৰ্মকৰ্তাৰ মাজতে আনন্দ সীমাবদ্ধ।'
- 'বিজেপিৰ কাৰ্যকালতে যোৱা ৪৫ বছৰৰ ভিতৰত বৃদ্ধি পাইছে নিবনুৱা সমস্যা আৰু দুৰ্নীতি।'
- 'ছাত্ৰ-ছাত্ৰী, মহিলাৰ বাবে বিজেপিয়ে একো কৰিব নোৱাৰিলে।'
- 'সাধাৰণ ভোটদাতাৰ বাবেও বিজেপিয়ে একো কৰিব নোৱাৰিলে।'
- 'তাৰ পিছতো ৰাইজে ভোট দিয়াৰ এটাৰ কাৰণ হৈছে- তেওঁলোকৰ হাতত বিকল্প নাছিল।'
- 'ৰাষ্ট্ৰ আৰু নিৰাপত্তা ৰক্ষাৰ বাবেহে হৈছিল নিৰ্বাচন।'
- 'মানুহে এইবাৰ বিজেপিক ভোট দিয়াৰ এটাৰ কাৰণ হৈছে হিন্দু ৰাষ্ট্ৰীয়তাবাদ।'
- 'বিজেপিয়ে হিন্দু ৰাষ্ট্ৰীয়তাবাদক মানুহৰ মনত সোমাই দিবলৈ সক্ষম হৈছে।'
- 'ভাৰতৰ ৭৫ শতাংশ হিন্দুৱেই এনে কাৰণতে বিজেপিক ভোট দিছে।'
- 'বিৰোধী দল একত্ৰিত হ'ব নোৱাৰাৰ সুযোগ লৈছিল বিজেপিয়ে।'
- 'বিজেপি আৰু হিন্দুত্ববাদী সংস্থাসমূহৰ নিৰ্বাচনী পেছাদাৰিত্ব, টকাৰ পয়োভৰ আৰু মিডিয়াৰ জৰিয়তে জয়ী হৈছে।'
- 'বিজেপিৰ বাবে এই নিৰ্বাচনৰ মূল কাৰণ দুটা- হিন্দু জাতীয়তাবাদৰ প্ৰতিষ্ঠা আৰু পুঁজিবাদী অৰ্থনীতিৰ প্ৰতিষ্ঠা।'
- চাওক অখিল গগৈৰ সংবাদ মেলৰ ভিডিঅ'-