/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/0cdb3049-2d2f-4062-9fdb-ba6db6d02c58/akhil_gogoi.jpg)
Akhil gogoi
ডিজিটেল সংবাদ , কাজিৰঙাঃ 'এবিঘা-দুবিঘা নহয়, কাৰ্বি পাহাৰত ১০০০ বিঘা ভূমি দখল কৰি আৱণ্টন বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই৷ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত এই ভূমি এগৰাকী মুখ্যমন্ত্ৰীৰ পত্নীয়ে আৱণ্টন বিচৰাটো অযুক্তিকৰেই নহয়, এয়া ৰাইজৰ প্ৰতিও অন্যায় '- এই অভিযোগ তুলি শনিবাৰে কাজিৰঙাৰ এখন সংবাদমেলত এইদৰে কয় বিধায়ক অখিল গগৈয়ে৷
কাজিৰঙা অৰ্কিড উদ্যানত সংবাদমেল আহ্বান কৰি বিধায়ক গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাজিৰঙাৰ কাঞ্চনজুৰিৰ নৱনিৰ্মিত বিলাসী বাসগৃহ তথা ৰিচৰ্টৰ পৰা কিছু নিলগত কাৰ্বি আংলং জিলাৰ অন্তৰ্গত ১০০০ বিঘা ভূমি মুখ্যমন্ত্ৰীৰ পত্নীয়ে নিজৰ দখললৈ অনাৰ বাবে প্ৰস্তুতি চলাইছে৷ ইতিমধ্যে কাৰ্বি পাহাৰৰ উক্ত এলেকাৰ ভূমি সংশ্লিষ্ট এলেকাৰ লাট মণ্ডলে জোখমাপ কৰি আৱণ্টনৰ বাবে বিভাগীয় কৰ্তৃপক্ষক প্ৰেৰণ কৰিছে৷
অৱশ্যে, আৱণ্টনৰ কাম-কাজ কিমান পৰ্যায়ত আছে সেই সন্দৰ্ভত কোনো তথ্য অখিল গগৈৰ হাতত নাই বুলি সংবাদমেলত গগৈয়ে উল্লেখ কৰে ৷ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে কাৰ্বিভূমিত ১০০০ বিঘা ভূমিৰ আৱণ্টনৰ বাবে যো-জা চলোৱা সন্দৰ্ভত অৱগত হোৱাৰ পাছতেই শনিবাৰে একাংশ ৰাইজৰ স’তে অখিল গগৈ স্বয়ং উক্ত এলেকালৈ যায়৷ উক্ত এলেকাৰ ৰাইজৰ স’তে কথা পাতোতে বিধায়ক গগৈ নিশ্চিত হয় যে সেই ভূমি মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মায়েই আৱণ্টন ল’বলৈ প্ৰস্তুতি চলাইছে৷
বিধায়ক গগৈয়ে কয় যে কাজিৰঙালৈ অহা পৰ্যটকক ট্ৰেকিং কৰিবলৈ উক্ত ভূমিৰ আৱণ্টন বিচৰা সন্দৰ্ভত জানিব পৰা গৈছে৷ যদি পৰ্যটকৰ ট্ৰেকিঙৰ ব্যৱস্থাই কৰিব বিচাৰিছে তেন্তে মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত কিয়, পৰ্যটন বিভাগে কৰক৷ অথবা কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদে কৰক৷ মুখ্যমন্ত্ৰী এগৰাকীয়ে এনেধৰণে যেনি-তেনি ভূমি লৈ থাকিলে সাধাৰণ জনতাই দেখিলে 'ভূমি মাফিয়া' বুলি ভয় খাব৷ হিন্দী চিনেমাত দেখাৰ দৰে মুখ্যমন্ত্ৰী এগৰাকীয়ে হাজাৰ হাজাৰ বিঘা ভূমি নৈতিক-অনৈতিকভাৱে গ্ৰহণ কৰাটো কেতিয়াও উচিত নহয় বুলিও উল্লেখ কৰে বিধায়ক গগৈয়ে৷
গগৈয়ে কয় যে এগৰাকী সতীৰ্থ বিধায়ক হিচাপে অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাক মাটিৰ খঁক ত্যাগ কৰিবৰ আহ্বান জনায়৷ অন্যথা এই মাটিৰ মোহৰ বাবেই এদিন হিমন্ত বিশ্বশৰ্মাই নিজৰ ধ্বংস মাতি আনিব বুলিও সংবাদমেলযোগে একপ্ৰকাৰ সকীয়াই দিয়ে অখিল গগৈয়ে৷
Also Read: ICC বিশ্বকাপঃআজি ভাৰত-অষ্ট্ৰেলিয়াৰ মহাৰণ