ৰাজ্যত বাল্য বিবাহ বিৰোধী অভিযান, চৰকাৰক সমালোচনা দল-সংগঠনৰ

ৰাজ্যত অব্যাহত আছে বাল্য বিবাহ বিৰোধী অভিযান।বাল্য বিবাহত জড়িত ৪০০৪ গৰাকী সন্ধানত অসম আৰক্ষী
ৰাজ্যত বাল্য বিবাহ বিৰোধী অভিযান, চৰকাৰক সমালোচনা দল-সংগঠনৰ

ডিজিটেল ডেস্ক: ৰাজ্যত অব্যাহত আছে বাল্য বিবাহ বিৰোধী অভিযান।বাল্য বিবাহত জড়িত ৪০০৪ গৰাকী সন্ধানত অসম আৰক্ষী ।এতিয়ালৈকে ২,৬৬৬ গৰাকী অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী। এই তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনায়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বাল্য বিবাহ বিৰোধী অভিযান ২০২৬ ৰ নিৰ্বাচন পৰ্যন্ত চলি থাকিব আৰু ৰাজ্যৰ পৰা নোহোৱা কৰা হ'ব বাল্য বিবাহত জড়িত লোকক।

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে একাংশ দল-সংগঠনে। এআইইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই চৰকাৰক সমালোচনা কৰি কয় যে বাল্য বিবাহৰ গোচৰৰ টাৰ্গেট হৈছে মুছলমান সকল।

বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰৰ স্থিতিক সমালোচনা লুৰিণ জ্যোতি গগৈৰ।তেওঁ কয় যে এই আইন আগৰ পৰাই আছে,কিন্তু কোনো চৰকাৰে কাৰ্যকৰী কৰিব পৰা নাই ।একে নিশাই বাল্য বিবাহ বিৰোধী অভিযানেৰে চৰকাৰে অমানৱীয় আচৰণ কৰিছে বুলি কয় তেওঁ।

কৃষক নেতা তথা বিধায়ক অখিল গগৈয়ে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰে। তেওঁ কয় যে মই বাল্য বিবাহ বিৰোধী কিন্তু চৰকাৰে লোৱা সিদ্ধান্ত অবৈধ। নাবালিকাক বিয়া পতাৰ দুবছৰ পাৰ হ'লে সেইখন বিয়া বৈধ হৈ পৰে।বাল্য বিবাহৰ দুবছৰৰ ভিতৰতহে তৰিব পাৰে গোচৰ। গতিকে বাল্য বিবাহ বন্ধৰ নামত অসমত হিটলাৰী ৰাজ হোৱাটো নিবিচাৰোল বুলি কয় গগৈয়ে।

উল্লেখ্য যে, যোৱা কেইবাদিনো ধৰি অসমত চলি আছে বাল্য বিবাহ বিৰোধী আইন। এই আইন বহু বছৰ আগৰ পৰাই আছে যদিও চৰকাৰে এতিয়ালৈকে কোনো নীতি প্ৰস্তুত কৰা নাই। যাৰ ফলত চৰকাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

আৰু পঢ়ক: সমাজ সংগঠক ৰমেশ চন্দ্ৰ পাটোৱাৰী স্মৃতিগ্ৰন্থ "প্ৰজ্ঞাসাধক" উন্মোচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in