ড০ গীতাশ্ৰী তামুলীৰ নিযুক্তিৰ স্বচ্ছতাৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ...

বিধানসভাত প্ৰত্যাহ্বান জনোৱাৰ দৰেই অখিল গগৈয়ে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰি গগৈৰ পত্নী ড০ গীতাশ্ৰী তামুলীৰ নিযুক্তিৰ তদন্ত কৰিবলৈ দাবী জনালে।

author-image
Asomiya Pratidin
New Update
ড০ গীতাশ্ৰী তামুলীৰ নিযুক্তিৰ স্বচ্ছতাৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ...

ডিজিটেল ডেস্কঃ অসম বিধানসভাত প্ৰত্যাহ্বান জনোৱাৰ দৰেই বিধায়ক অখিল গগৈয়ে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰি গগৈৰ পত্নী ড০ গীতাশ্ৰী তামুলীৰ নিযুক্তিৰ তদন্ত কৰিবলৈ দাবী জনালে। উল্লেখ্য যে, অসম বিধানসভাত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক মন্তব্যৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰসংগক্ৰমে বিধায়ক অখিল গগৈৰ পত্নী তথা বি বৰুৱা মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ প্ৰবক্তা ড০ গীতাশ্ৰী তামুলীৰ নিযুক্তিক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

ইয়াৰ পিছতেই অখিল গগৈয়ে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই ড০ গীতাশ্ৰী তামুলীৰ নিযুক্তিৰ স্বচ্ছতাৰ তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছিল। তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে এই দাবীও কৰিছিল, বি বৰুৱা কলেজত নিযুক্তি পোৱাৰ সময়ত সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও গীতাশ্ৰী তামুলীৰ নিযুক্তিৰ স্বচ্ছতাক লৈ তদন্ত কৰিছিল যদিও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰ্যায়ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰত স্বৰ্ণ পদকপ্ৰাপ্ত গীতাশ্ৰী তামুলীয়ে যোগ্যতাৰ ভিত্তিতে নিযুক্তি লাভ কৰা বুলি পতিয়ন গৈছিল।

বি বৰুৱা মহাবিদ্যালয়ত নিযুক্তিৰ পূৰ্বে ড০ তামুলীয়ে গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়তো অধ্যাপনা কৰিছিল। অসম বিধানসভাত ড০ তামুলীয়ে তেওঁতকৈ মেধাসম্পন্ন প্ৰাৰ্থীক বঞ্চিত কৰি চাকৰি লৈছিল বুলি মুখ্যমন্ত্ৰীয়ে কৰা দাবীৰ পাছতে ড০ তামুলীয়েও তেওঁৰ নিযুক্তিৰ বিষয়টো তদন্ত কৰিবলৈ আৰু এই তদন্তৰ সময়ত চাকৰিৰ পৰা অব্যাহতি বিচাৰি উচ্চ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে পত্ৰ প্ৰেৰণ কৰিছে বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিছে।

বিধায়ক অখিল গগৈ আৰু তেওঁৰ পত্নীয়ে এইদৰে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই পত্ৰ প্ৰেৰণ কৰাৰ পাছতে এতিয়া বিষয়টোক লৈ সৰৱ চৰ্চা চলিছে। মুখ্যমন্ত্ৰীয়ে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবনে নাই তাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে। 

ড০ হিমন্ত বিশ্ব শৰ্মা অখিল গগৈ অসম বিধানসভা