Advertisment

আজি হিমন্ত বিশ্ব শৰ্মাৰ নাম সলনি কৰি নতুন নাম দিব অখিল গগৈয়ে...

মঙলবাৰৰ কেবিনেটত অসম চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা অসমৰ আভিধানিক অৰ্থ নথকা সকলো স্থানৰ নাম পৰ্যায়ক্ৰমে সলনি কৰা হব...

author-image
Asomiya Pratidin
New Update
হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্কঃ মঙলবাৰৰ কেবিনেটত অসম চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা অসমৰ আভিধানিক অৰ্থ নথকা সকলো স্থানৰ নাম পৰ্যায়ক্ৰমে সলনি কৰা হব। কেবিনেটত কৰিমগঞ্জৰ নাম শ্ৰীভূমি হিচাপে নামাকৰণ কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে

Advertisment

কেবিনেটত এই সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতে বিৰোধী বিধায়ক অখিল গগৈয়ে তীব্ৰ কটাক্ষ কৰে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। সামাজিক মাধ্যমযোগে বুধবাৰে হিমন্ত বিশ্ব শৰ্মাৰ নাম সলাই নতুন নাম দিয়া হব বুলি কটাক্ষ কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে।

সামাজিক মাধ্যমত অখিল গগৈয়ে এই বিষয়টোক লৈ লিখে এনেদৰে- “হিমন্ত” শব্দটো বৰ ভাল নালাগে, মানুহে ভুল কৰে উচ্চাৰণত আৰু ঐতিহাসিকো নহয় নামটো। মই কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ এটা নতুন নাম দিম! মঙলবাৰে সামাজিক মাধ্যমত এই পোষ্ট দিয়াৰ পাছত বুধবাৰে পুৱা পুনৰ এটা পোষ্ট সামাজিক মাধ্যমত আপলোড কৰিছে অখিল গগৈয়ে।

বুধবাৰে পুৱা অখিল গগৈয়ে পুনৰ সামাজিক মাধ্যমত লিখিছে- আজি হিমন্ত বিশ্ব শৰ্মাৰ এটা নতুন নাম দিয়া হ’ব। কি নামে খাপ খাব আপোনালোকে কিবা পৰামৰ্শ দিব নেকি? এই বিষয়টোক তীব্ৰ কটাক্ষ কৰি বিধায়কগৰাকীয়ে কয় যে, নাম সলনি কৰা আৰু ইতিহাস নতুনকৈ লিখাৰ চেষ্টা কেৱল হঠকাৰীয়ে নহয়, ভয়ংকৰো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটোকে কৰি আছে। আজিও অসমৰ এখন জিলাৰ নাম সলনি কৰিছে।উন্নয়নৰ নাম গোন্ধ নাই, কেৱল সাম্প্ৰদায়িক ৰাজনীতি বিজেপিৰ।

 

মুখ্যমন্ত্ৰী