/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/1f6b70af-52e3-456c-98a4-7177f9e979f7/sessdddfd.jpg)
ডিজিটেল সংবাদ, গোলাঘাট: অসম জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে শুকুৰবাৰে এজেৱাইচিপি গোলাঘাট জিলা সমিতিয়ে জিলা কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা আৰু কা বাতিলৰ দাবীত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘত কাৰ্যসূচী ৰূপায়ন কৰে যুৱ ছাত্ৰ পৰিষদে।
উক্ত কাৰ্যসূচীত প্ৰায় শতাধিক সদস্য উপস্থিত থাকে। ধৰ্মঘটকাৰীসকলে অসম চৰকাৰ হায় হায়, কা আমি নামানো ,কা বাতিল কৰিব লাগিবই, আদি শ্লোগানৰে আকাশ বতাহ কপাই তোলে। প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে যে অসমত কোনো কাৰণত কা বলবৎ কৰিবলৈ দিয়া নহ'ব আৰু অনতি বিলম্বে অসমত আন্তঃৰাজ্যিক পাৰ পত্ৰৰ প্ৰৱৰ্তন কৰিব লাগিব।
উক্ত প্ৰতিবাদী কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জিতুল ৰাজখোৱা তথ্য আৰু যোগাযোগ বিভাগৰ সম্পাদক আব্দুল হাছিম জিলা সমিতিৰ সভাপতি নিকুন্ঞ্জ মেধি জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ দাস জাতীয় মহিলা পৰিষদৰ সম্পাদিকা নাছিমা বেগম উপস্থিত থাকে। প্ৰতিবাদী কাৰ্যসূচী শেষত জিলা আয়ুক্তৰ যোগেদি দেশৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us