চিত্ৰশিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰাটো অগণতান্ত্ৰিক: অসম জাতীয় পৰিষদ

চিত্ৰশিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰাটো অগণতান্ত্ৰিক: অসম জাতীয় পৰিষদ

author-image
asomiyapratidin
New Update
চিত্ৰশিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰাটো অগণতান্ত্ৰিক: অসম জাতীয় পৰিষদ

ডিজিটেল ডেস্ক: চিত্ৰশিল্পী নীলিম মহন্তৰ গ্ৰেপ্তাৰৰ তীব্ৰ প্ৰতিবাদ কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, "বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি দেৱালত চিত্ৰ অংকন কৰা বাবে ৰাজ্যখনৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন চিত্ৰশিল্পী নীলিম মহন্তক অৰুণাচল প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনা আক্ৰোশমূলক, অনৈতিক আৰু অগণতান্ত্ৰিক৷

Advertisment

গণতন্ত্ৰত জনতাৰ প্ৰতিবাদ-বিৰোধৰ অধিকাৰ আছে। এই অধিকাৰ ক্ষমতাৰ ৰাগীত মত্ত কোনো চৰকাৰে কাহানিও খৰ্ব কৰিব নোৱাৰে, কাঢ়ি নিব নোৱাৰে। অৰুণাচল চৰকাৰ আৰু অসম চৰকাৰলৈ আমাৰ স্পষ্ট দাবী- চিত্ৰশিল্পী নীলিম মহন্তক অতি শীঘ্ৰেই মুকলি কৰি দিয়ক। এনেদৰে সাধাৰণ জনতাৰ অধিকাৰ আৰু গণতন্ত্ৰৰ অৰ্থ ভৰিৰে মোহাৰি পেলোৱা কাৰ্য কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।"

assam arrested arunachal police AJP