অসম জাতীয় পৰিষদৰ বটদ্ৰৱা সমষ্টি সমিতিৰ প্ৰতিনিধি সভা

অসম জাতীয় পৰিষদৰ বটদ্ৰৱা সমষ্টি সমিতিৰ এখন প্ৰতিনিধি সভা দেওবাৰে বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ পুথিভৰাল প্ৰাংগণত অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
অসম জাতীয় পৰিষদৰ বটদ্ৰৱা সমষ্টি সমিতিৰ প্ৰতিনিধি সভা

ডিজিটেল সংবাদ, বটদ্ৰৱা: অসম জাতীয় পৰিষদৰ বটদ্ৰৱা সমষ্টি সমিতিৰ এখন প্ৰতিনিধি সভা দেওবাৰে বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ পুথিভৰাল প্ৰাংগণত অনুষ্ঠিত হয়। দুলেন চন্দ্ৰ ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত বটদ্ৰৱা সমষ্টিৰ ২৬ খন পঞ্চায়তৰ প্ৰতিনিধি সকল আলোচনাত মিলিত হৈ সংগঠন শক্তিশালী কৰাৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লোৱা হয়।

Advertisment

সভাত দুলেন চন্দ্ৰ ডেকাক সভাপতি, ধৰ্ম বৰা আৰু বাহাৰুল ইছলামক কাৰ্যকৰী সভাপতি, লক্ষ্যধৰ তালুকদাৰ আৰু ইমদাদুল ৰহমানক সম্পাদক হিচাপে লৈ এখনি ৫১ জনীয়া শক্তিশালী সমষ্টি সমিতি গঠন কৰা হয়।

সভাত নগাঁও জিলা সমিতিৰ উপদেষ্টা অতুল মহন্ত, সম্পাদক চন্দ্ৰ মোহন বৰা, পৰ্যবেক্ষক জয়ন্ত হাজৰিকাকে আদি কৰি বটদ্ৰৱা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

আৰু পঢ়ক: বনভোজ খাবলৈ গৈ নদীত পৰি ছাত্ৰৰ কৰুণ মৃত্যু...

assam batadrava