৭টা ৱাৰ্ডত বিজয়েৰে সংসদৰ ৰাজনীতিত আনুষ্ঠানিক প্ৰৱেশ জাতীয় পৰিষদৰ

৭টা ৱাৰ্ডত বিজয়েৰে সংসদৰ ৰাজনীতিত আনুষ্ঠানিক প্ৰৱেশ জাতীয় পৰিষদৰ

author-image
asomiyapratidin
New Update
অসম জাতীয় পৰিষদৰ জাতীয় স্বাৱলম্বিতাৰ দিনঃ ৩ আত্ম-সৃষ্ট অসমীয়াক বিশেষ সম্বৰ্ধনা…

ডিজিটেল সংবাদ: পৌৰসভা নিৰ্বাচনত ৭খন আসনত বিজয় সাব্যস্ত কৰি সংসদীয় ৰাজনৈতিক ব্যৱস্থাত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিলে অসম জাতীয় পৰিষদে ৷ মঙলবাৰে হৈ যোৱা ভোটগণনাত জাতীয় পৰিষদৰ টিকটত নামৰূপৰ ৯নং ৱাৰ্ডত প্ৰস্তুতি ফুকন গগৈ, ৰহাৰ ৯ নং ৱাৰ্ডত জোনমণি বৰদলৈ, পাটাচাৰকুচিৰ ১নং ৱাৰ্ডত প্ৰাণজিৎ হালৈ, চাপৰৰ ৬ নং ৱাৰ্ডত চুৰত আলী শ্বেখ, পলাশবাৰীৰ ৫ নং ৱাৰ্ডত সুধন্য কলিতা আৰু ১০ নং ৱাৰ্ডত অৰূপ দাসে বিজয় সাব্যস্ত কৰে৷ আনহাতে নামৰূপৰ ৪টা, মাৰ্ঘেৰিটাৰ ৪টা, নাহৰকটীয়াৰ ৩টা, নাজিৰাৰ এটা, সোণাৰীৰ এটা, মৰাণৰ দুটা, তেজপুৰৰ এটা, ৰঙাপাৰাৰ এটা, নগাঁৱৰ ৪টা, ৰহাৰ ৩টা, ধেমাজিৰ ৩টা, পলাশবাৰীৰ দুটা আৰু ৰঙিয়াৰ এটা ৱাৰ্ডত দ্বিতীয় স্থানত থাকে জাতীয় পৰিষদৰ প্ৰাৰ্থী৷

Advertisment

দলৰ বিজয়ী প্ৰাৰ্থীসকলক অভিনন্দন আৰু দলৰ টিকটত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলক ধন্যবাদ জনাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিত কয় যে জাতীয় স্বাভিমান পুনৰুদ্ধাৰৰ লক্ষ্য লৈ এক বিকল্প ৰাজনৈতিক ধাৰা প্ৰতিষ্ঠাৰ জাতীয় পৰিষদৰ সংগ্ৰামখনৰ প্ৰতি এয়া ৰাইজৰ স্বীকৃতি৷ এই বিজয়ে দলক নিজৰ ৰাজনৈতিক সংগ্ৰামখন অধিক গতিশীলতাৰে আগুৱাই নিবলৈ উৎসাহিত কৰিব৷ জাতীয় পৰিষদৰ প্ৰাৰ্থীসকলক ভোট দিয়া ৰাইজলৈয়ো গগৈ আৰু ভূঞাই কৃতজ্ঞতা জ্ঞাপন কৰে৷

assam AJP municipal election