উন্নয়ন নহয়, এনকাউন্টাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰত ৩ নম্বৰ স্থানত অসম…

উন্নয়ন নহয়, এনকাউন্টাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰত ৩ নম্বৰ স্থানত অসম…

author-image
asomiyapratidin
New Update
কেবিনেটত সিদ্ধান্তঃ এজন শিক্ষকে ৩০ দিনতকৈ বেছি ছুটী ল’লে অতিথি শিক্ষক নিযুক্তি…

ডিজিটেল ডেস্ক: দেশৰ এনকাউন্টাৰ প্ৰৱণ ৰাজ্য সমূহৰ ভিতৰত অসম তৃতীয় স্থানত- এই মন্তব্য সাংসদ অজিত ভূঞাৰ। সোমবাৰে এক সংবাদমেল সম্বোধন কৰি সাংসদ অজিত ভূঞাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই কৈছিল যে অসমক দেশৰ ভিতৰতে তিনি নম্বৰ স্থানত আনিব, সেই প্ৰতিশ্ৰুতি পূৰণ কৰিলে শৰ্মাই।

সাংসদ গৰাকীয়ে কয় যে, "তেওঁ কৈছিল যে উন্নয়নৰ ৰাজ্য সমূহৰ ভিতৰত অসমত ৩ নম্বৰত আনিম। কিন্তু একো উন্নয়ন নাই, সকলো শূণ্য।কেৱল কথাৰ ফুলজাৰি। মানুহে যাতে সকলো সমস্যাৰ কথা পাহৰি যায় সেইবাবে তেওঁ কিছুমান অদ্ভূত ধৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। অৱশ্যে দেশৰ এনকাউন্টাৰ প্ৰৱণ ৰাজ্য সমূহৰ ভিতৰত অসমক ৩ নম্বৰ স্থানত আনিবলৈ সক্ষম হৈছে"।

মুখ্যমন্ত্ৰীয়ে আইনৰ উৰ্দ্ধলৈ গৈ সন্দেহৰ ভিত্তিত কোনো লোকক গুলী কৰাৰ লাইচেঞ্চ দিয়াটো কিমান ভয়ানক হ'ব পাৰে সেয়া জনতাই বুজি পাইছে বুলি কয় সাংসদ গৰাকীয়।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ লোৱাৰ পাছতেই ৰাজ্যত বৃদ্ধি পাইছে এনকাউন্টাৰৰ ঘটনা। তেওঁ শাসন ভাৰ লোৱাৰ পৰাই বৰ্তমানলৈ ৰাজ্যচ ২৮ গৰাকী লোক গুলী লাগি নিহত আৰু ৭২ গৰাকীকৈ লোকক গুলীবিদ্ধ হৈ ঘূণীয়া হয়।

ajit bhuyan assam himanta biswa sarma Assam police