১৪ মাৰ্চত দাখিল হ’ব ৰাজ্যৰ বাজেট, পৰামৰ্শ দিব পাৰিব আপুনিও…

১৪ মাৰ্চত দাখিল হ’ব ৰাজ্যৰ বাজেট, পৰামৰ্শ দিব পাৰিব আপুনিও…

author-image
asomiyapratidin
New Update
কোভিড মুক্ত হ’ল অজন্তা নেওগ…

ডিজিটেল ডেস্ক: ১৪ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব বাজেট অধিবেশন আৰু ইয়াৰ পূৰ্বে মঙলবাৰে বিত্তমন্ত্রী অজন্তা নেওগে সংবাদমেলৰ জৰিয়তে বাজেট সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য় কৰে। মন্ত্ৰী গৰাকীয়ে কয় যে বাজেট প্রক্রিয়া আৰম্ভ হৈছে আৰু বাজেটৰ জৰিয়তে সকলো ধৰণৰ লোকৰ আশা আকাংক্ষা পূৰণ কৰাক চেষ্টা কৰা হ'ব।

উল্লেখ্য যে, চৰকাৰে Suggestionsbudgetassam@gmail.com শীৰ্ষক এক ইমেইল মুকলি কৰিছে য'ত সকলোৱে বাজেটৰ বিষয়ে পৰামৰ্শ দিব পাৰিব।

মন্ত্ৰী গৰাকীয়ে কয় যে এই বাজেটত আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হ'ব। ব্রেইন ড্রেইন যাতে নহয় তাৰ ওপৰত গুৰুত্ব দিব আৰু এখন বাস্তৱসন্মত বাজেট দাখিল কৰা হ'ব।

লগতে কয় যে পেট্র'লৰ মূল্য হ্রাস কৰাৰ বাবে ৰাজহ কিছু পৰিমাণে কমিছে। বিষয়াক বাহিৰলৈ পঠাই ৰাজহ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিব চৰকাৰে। বন বিভাগৰ ৰাজহ এটা স্থানতেই সংগ্রহ কৰা হ'ব। ট্রেজাৰিৰ জৰিয়তে বন বিভাগৰ ৰাজহ সংগ্রহ কৰা হ'ব।

নিযুক্তি সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে এবছৰত ১ লাখ নিযুক্তি সম্পূৰ্ণ নহয়, কিছু বঢ়া-টুটা হ'বই। তদুপৰি ২৪ লাখ মহিলাক মাইক্র'ফাইনেন্সৰ চেক প্রদানৰ লক্ষ্য বান্ধি ৰখা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।

assam ajanta neog budget