Advertisment

হাতী-মানুহৰ সংঘাত হ্ৰাসৰ বাবে বিশেষ পদক্ষেপঃ বনমিত্ৰ, গজমিত্ৰ আঁচনি ঘোষণা বিত্তমন্ত্ৰীৰ...

অসম চৰকাৰে ৰাজ্যত হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে বনমিত্ৰ অভিযান আৰম্ভ কৰাৰ কথা আজি ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে।

author-image
Tushar Pratim
New Update
 হাতী-মানুহৰ সংঘাত হ্ৰাসৰ বাবে বিশেষ পদক্ষেপঃ বনমিত্ৰ, গজমিত্ৰ আঁচনি ঘোষণা বিত্তমন্ত্ৰীৰ...

ডিজিটেল ডেস্কঃ অসম চৰকাৰে ৰাজ্যত হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে বনমিত্ৰ অভিযান আৰম্ভ কৰাৰ কথা আজি ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। তেওঁ বাজেট ভাষণত ৰাজ্যৰ সৰ্বাধিক হাতী-মানুহৰ সংঘাত হোৱা ৫ খন জিলাৰ বাবে আজি গজ মিত্ৰ কাৰ্যসূচী ঘোষণা কৰিছে। তাৰোপৰি কাজিৰঙাত ব্যৱহাৰ কৰা পুৰণি জিপছিসমূহ আঁতৰাই নতুন জিপছিৰ ব্যৱস্থা কৰিবলৈ ২০ কোটি টকাও ধাৰ্য কৰা হৈছে।

Advertisment

বাজেট ভাষণত তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন কী বাত অনুষ্ঠানত নেপিয়াৰ ঘাঁহ খেতিৰ জৰিয়তে মানুহ-জন্তুৰ সংঘাত দূৰীকৰণৰ ক্ষেত্ৰত অসমৰ প্ৰচেষ্টাৰ শলাগ লৈছিল। দ্ৰুততাৰে বঢ়া এই পশু খাদ্যই প্ৰাকৃতিক বাধা হিচাপে কাম কৰি শস্য পথাৰত হাতীৰ উপদ্রব হ্রাস কৰাৰ লগতে ঘনীভূত জৈৱ গেছৰ (CBG) উৎপাদনতো সহায় কৰে।আগশাৰীৰ ঔদ্যোগিক প্রতিষ্ঠানে ইতিমধ্যে এই ক্ষেত্রত অসমৰ বাবে নতুন অর্থনৈতিক সুযোগ সৃষ্টিত সহায় কৰিবলৈ আগ্রহ প্রকাশ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ চৰকাৰে নেপিয়াৰ ঘাঁহৰ বাণিজ্যিক উৎপাদনত উৎসাহিত কৰিবলৈ পদক্ষেপ হাতত ল'ব।

ভাষণত তেওঁ হাতী-মানুহৰ সংঘাতৰ বিষয়ত কয়, আটাইতকৈ বেছি হাতী-মানুহৰ সংঘাত থকা ৫ খন জিলা-গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা আৰু শোণিতপুৰত গজ মিত্র কাৰ্যসূচী ঘোষণা কৰিছোঁ। হাতীৰ বাসস্থান উন্নত কৰা, হাতীৰ গতি-বিধিৰ প্রতি মুহূর্তৰ সতর্কতা পাবৰ বাবে কৃত্রিম বুদ্ধিমত্তা-নিৰ্ভৰ কেমেৰা ব্যৱহাৰ কৰা আৰু হাতীয়ে খাদ্য বিচাৰি সঘনাই অহা-যোৱা কৰা অঞ্চলত আগতীয়াকৈ ধান ক্রয় কৰাত ই গুৰুত্ব আৰোপ কৰিব। অতিৰিক্তভাবে এই পদক্ষেপত সহায় কৰাৰ বাবে এই অঞ্চলবোৰত গজ মিত্র দল গঠন কৰা হ'ব।

আনহাতে হলৌ বান্দৰ, সোণালী বান্দৰ আৰু আন বান্দৰ প্ৰজাতিৰ জন্তুবোৰে সঘনাই পাৰ হোৱা পথ আৰু ৰে'ল লাইনৰ অংশবোৰত বিজ্ঞানসন্মত আর্হিৰে সুৰক্ষা জালসহ মজবুত ওলমা দলং নির্মাণেৰে সিহঁতৰ সুৰক্ষিত আহ-যাহ নিশ্চিত কৰি বন্যজীৱৰ প্ৰতি সৃষ্টি হোৱা ভাবুকি হ্রাস কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বন্য জীৱ ঘূৰি ফুৰা এলেকাত মুকলি হৈ থকা ট্রেন্সফর্মাৰ আৰু ওপৰেৰে যোৱা বিদ্যুৎ সংবহন তাঁৰ আদি বৈদ্যুতিক যন্ত্রাংশ নিৰাপদ কৰিম বুলিও কয় মন্ত্ৰী নেওগে।
ইফালে মানুহ-বন্যজন্তুৰ সংঘাতৰ ফলত কোনো ব্যক্তিৰ মৃত্যু হ'লে এককালীন সাহায্য ৪ লাখ টকাৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি কৰাৰো সিদ্ধান্ত লোৱা হৈছে। বন্য জন্তুৰ উপদ্ৰৱৰ ফলত শস্য নষ্ট হোৱাৰ ক্ষতিপূৰণ প্রতি বিঘাত ৭,৫০০ টকাৰ পৰা ৮,০০০ টকালৈ বৃদ্ধি কৰাৰো প্ৰস্তাৱ ৰখা হৈছে বাজেটত। 

তাৰোপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা পুৰণি জিপছিবোৰ আঁতৰাই নতুন বাহন, বৈদ্যুতিক বাহন যোগান ধৰিব চৰকাৰে। ইয়াৰ বাবে পৰ্যটন বিভাগে সবিশেষ প্ৰকাশ কৰিব। এই আঁচনিৰ বাবে বাজেটত নিৰ্ধাৰণ কৰা হৈছে ২০ কোটি টকা। 

অজন্তা নেওগ বাজেট হাতী -মানুহৰ সংঘাত