গোলাঘাটত পোষণ অভিযানৰ কাৰ্যসূচীত অংশ ল'লে মন্ত্ৰী অজন্তা নেওগে

অসম চৰকাৰৰ বিত্ত আৰু মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগে বৃহস্পতিবাৰে গোলাঘাটৰ জিলা পুথিভঁৰাল প্ৰাংগনত মহিলা আৰু শিশু উন্নয়ন বিভাগ, গোলাঘাটৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা পোষণ মাহ, ২০২২ৰ কাৰ্যসূচীত অংশ লয় ।

author-image
Asomiya Pratidin
New Update
গোলাঘাটত পোষণ অভিযানৰ কাৰ্যসূচীত অংশ ল'লে মন্ত্ৰী অজন্তা নেওগে

ajanta neog

ডিজিটেল সংবাদ, গোলাঘাট: অসম চৰকাৰৰ বিত্ত আৰু মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগে বৃহস্পতিবাৰে গোলাঘাটৰ জিলা পুথিভঁৰাল প্ৰাংগনত মহিলা আৰু শিশু উন্নয়ন বিভাগ, গোলাঘাটৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা পোষণ মাহ, ২০২২ৰ কাৰ্যসূচীত অংশ লয় । তেওঁ পোষণ মাহৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এখন পোষণ প্ৰদৰ্শনী উদ্বোধন কৰাৰ লগতে পোষণ অভিযান সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত গোলাঘাটলৈ প্ৰেৰণ কৰা তিনিখন পোষণ ৰথৰ ফ্লেগ অফ কৰে ।

Advertisment

এই প্ৰদৰ্শনীত বিভিন্ন বিভাগৰ উদ্যোগত বিপনী মুকলি কৰাৰ উপৰি অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে পুষ্টিকৰ খাদ্য, থলুৱাভাবে সহজলভ্য খাদ্য সামগ্ৰী, শাক-পাচলি, ফল-মূল আদি প্ৰদৰ্শন কৰে । ইয়াৰ অংশৰূপে এখনি ৰন্ধন প্ৰতিযোগিতাও অনুষ্ঠিত হয় । বিপনীসমূহত মহিলাসকলৰ মাজত ৰক্তহীনতাৰ সমস্যা দুৰ কৰা, শিশু আৰু মহিলাৰ পৰিপুষ্টি আদি বিষয় সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় ।

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা এখন সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে পোষণ অভিযানক এক জন আন্দোলনলৈ ৰূপান্তৰ কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে মহিলাসকলে পুষ্টিকৰ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত প্ৰায়ে নিজৰ প্ৰতি অৱজ্ঞা কৰা দেখা যায় । বিশেষকৈ গৰ্ভাৱস্থাত দৰিদ্ৰ মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন নোলোৱাৰ ফলত শিশুটিৰ ক্ষেত্ৰত অপুষ্টিজনিত সমস্যাই দেখা দিয়ে ।

তেওঁ কয় যে সমাজৰ অতি দৰিদ্ৰ মহিলাগৰাকীয়েও যাতে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰে তাৰ প্ৰতি সজাগতা সৃষ্টিয়েই এই অভিযানৰ প্ৰধান লক্ষ্য । মাতৃগৰাকীয়ে যাতে এটি নিৰোগী শিশু জন্ম দিব পাৰে তাৰ বাবে গৰ্ভধাৰণ কৰা সময়তে পুষ্টিকৰ খাদ্য যোগান ধৰি শিশুটিৰ অন্ততঃ ছবছৰ বয়সলৈকে উপযুক্ত পুষ্টিকৰ খাদ্যৰ ব্যৱস্থা কৰাটো সামাজিক দায়িত্ব বুলি তেওঁ উল্লেখ কৰে ।

তেওঁ কয় যে গাঁৱৰ শিশুহঁতক এটা সুস্থ পৰিৱেশ দিয়াৰ উদ্দেশ্যে অসম চৰকাৰে ১০০০ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰিছে । এই বছৰ আৰু ৪০০০টা আৰু অনাগত সময়ত মুঠ ১৫,০০০ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । শিশু আৰু মাতৃৰ স্বাস্থ্য সুৰক্ষিত হ'লেহে এটা স্বাস্থ্যৱান জাতি আৰু স্বাস্থ্যৱান সমাজ প্ৰতিষ্ঠা হ'ব বুলি তেওঁ কয় । কোনো মহিলাই বিশেষকৈ চাহ বাগিচা অঞ্চলৰ মহিলাসকলে যাতে অপুষ্টিজনিত সমস্যাত ভুগিবলগীয়া নহয় সেইয়া সুনিশ্চিত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে ।

এই অনুষ্ঠানতে গোলাঘাট নগৰৰ দুটি স্বাস্থ্যৱান শিশুক পুৰস্কৃত কৰা হয় । আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমনি বৰবৰা, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া সুলক্ষণা বৰপাত্ৰগোহাঁই, গোলাঘাটৰ চক্ৰ বিষয়া(স) তথা নগৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া ছত্ৰজিত নেওগ, শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, জিলা সমাজ কল্যাণ বিভাগ, স্বাস্থ্য বিভাগ আৰু সংহত শিশু উন্নয়ন প্ৰকল্পসমূহৰ ছুপাৰভাইজৰ আৰু বিষয়া- কৰ্মচাৰী, আশা, অংগনৱাড়ী কৰ্মী-সহায়িকা আৰু ভালেসংখ্যক মহিলা উপস্থিত আছিল ।

assam ajanta neog