/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/lp7umgei/aiudf-26.jpg)
ডিজিটেল সংবাদ দক্ষিণ শালমাৰা মানকাচৰঃ লোকসভা নিৰ্বাচনত সূচনীয় পৰাজয়ৰ পাছত এ আই ইউ ডি এফ দলে আজি দক্ষিণ শালমাৰা মানকাচৰ জিলা কমিটীখন নতুনকৈ গঠন কৰিছে। ইয়াৰ লগে লগে পুৰণি জিলা কমিটীখন সম্পূৰ্ণকৈ ভাঙি দিয়া হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/w54cvw1n/30f14394-4fff-40e6-b8ad-2e4f33e07b8f.jpg)
উল্লেখ্য যে, যোৱা দুমাহ পূৰ্বে জিলা কমিটী গঠনৰ বাবে এখন বিশেষ সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছিল। তাৰ পাছত আজি পূৰ্ণ কমিটীখন গঠন কৰা হয়।
নতুন কমিটীখনত মানকাচৰৰ বিধায়ক আমিনুল ইছলামক জিলা সভাপতি হিচাপে দায়িত্ব দিয়া হৈছে। পূৰ্বৰ জিলা সভাপতি নাজমূল আৰপিনক নতুন কমিটীত উপ-সভাপতিৰ দায়িত্ব দিয়া হৈছে।
উল্লেখ্য যে, মানকাচৰৰ বিধায়ক আমিনুল ইছলাম পূৰ্বে দলটোৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আছিল। লোকসভা নিৰ্বাচনৰ পাছত তেওঁ নিজৰ পদৰ পৰা অব্যাহতি লৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/8j1tez27/041c854e-b87e-4515-86f0-cb44e35685be.jpg)
সেইদৰেই সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দিয়া হৈছে হাজী ৱাহিদূৰ ৰহমানক।৯৮ জনীয়া জিলা কমিটী গঠন কৰাৰ পাছতে আজি তেওঁলোকক সম্বৰ্ধনাও জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/05c4918x/6a395837-cedc-43a2-b4e2-f3a6fd52d954.jpg)
Also Read: খৰ্গহস্ত বিবেক দাস : মনোনয়ন প্ৰত্যাহাৰ নকৰে CPI(ML) দলে...