কান চলচ্চিত্র মহোৎসৱত আইমী বৰুৱাৰ ‘চেমখৰ’ৰ বক্তব্যত মুদ্ধ বিশ্ব চলচ্চিত্র সমাজ

কান চলচ্চিত্র মহোৎসৱত আইমী বৰুৱাৰ ‘চেমখৰ’ৰ বক্তব্যত মুদ্ধ বিশ্ব চলচ্চিত্র সমাজ

ডিজিটেল ডেস্ক: বিশ্ব চলচ্চিত্ৰ জগতৰ অতি সন্মানজনক কান চলচ্চিত্র মহোৎসৱত অসমৰ জনপ্রিয় অভিনেত্রী তথা ছবি নির্মাতা আইমী বৰুৱাৰ বহুল চৰ্চিত 'চেমখৰ'ৰ বিষয়ে জানিবলৈ উদগ্ৰীৱ হৈ পৰিল আন্তর্জাতিক সংবাদ মাধ্যম তথ্য বিশ্বৰ চলচ্চিত্ৰ অনুৰাগী।

তাৎপর্যপূর্ণভাৱে কান চলচ্চিত্র মহোৎসৱৰ 'কাণ্ট্ৰী অব অ'নাৰ'ৰ ইণ্ডিয়ান পেভেলিয়নত আইমী বৰুৱাই'চেমখৰ' সম্পৰ্তত ১০ মিনিট সময় উজ্জীৱিত ভাষণেৰে মন্ত্ৰমুগ্ধ কৰি ৰাখে উপস্থিত বিশ্বৰ চলচ্চিত্ৰ প্ৰেমীৰ লগতে আন্তর্জাতিক সংবাদ মাধ্যমৰ প্রতিনিধিক।

উক্ত অনুষ্ঠানত প্ৰদৰ্শন কৰা 'চেমৰৰ'ৰ ট্ৰেইলেও মুগ্ধ কৰে উপস্থিত বিশ্বৰ সংবাদ মাধ্যমক। লক্ষণীয় বিষয় এয়ে যে অসমৰ এটা ক্ষুদ্র জনগোষ্ঠী হিচাপে চিহ্নিত ডিমাছা ভাষাত নিৰ্মিত 'চেমৰ'ৰ বিভিন্ন কথা জানিবলৈ উদ্‌গ্ৰীৱ হৈ পৰিছিল কান চলচ্চিত্ৰত মহোৎসৱত উপস্থিত আন্তর্জাতিক সংবাদ মাধ্যমৰ লগতে বিশ্বৰ চলচ্চিত্র জগতৰ বিভিন্ন দিশৰ ভালেসংখ্যক খ্যাতনামা ব্যক্তি।

বিশেষকৈ 'চেমখৰ' নিৰ্মাণ কৰা ধাৰণাটো কেনেকৈ, কিয় আৰু ক'ৰ পৰা আহিল, 'চেমৰ'ৰ নিৰ্মাণৰ ক্ষেত্ৰত কি কি প্রত্যাহ্বান আৰু এইসমূহ কেনেকৈ পাৰ হ'ল, অসমত এনেকুৱা এখন ঠাই এতিয়াও আছেনে নাই ইত্যাদি এশ এটা প্রশ্ন সাংবাদিক তথা চলচ্চিত্র অনুৰাগীয়ে সুধিছিল চিনেমাখনৰ নিৰ্মাতা আইমী বৰুৱাক।

উল্লেখযোগ্য যে কান চলচ্চিত্র মহোৎসৱৰ সৈতে সংলগ্ন এখন মঞ্চত চলচ্চিত্র নির্মাতা অথবা এই ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তিয়ে এক ছেকেণ্ড বক্তব্য ৰখাৰ সুবিধা পোৱাটো পৰম সৌভাগ্যৰ কথা। উল্লেখ্য যে ভাৰতত ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ মহোৎসৱ আৰু ভাৰতীয় পেনোৰামাক সর্বোচ্চ স্থান দিয়া হয়। বিগত বৰ্ষত ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ অনুষ্ঠিত নোহোৱা বাবে ভাৰতীয় পেনোৰামাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান আজুৰি অনা 'চেমখৰ' সন্দৰ্ভত কান চলচ্চিত্র মহোৎসৱৰ ইণ্ডিয়ান পেভেলিয়নত বক্তব্য ৰখাৰ বাবে ভাৰত চৰকাৰৰ পৰা আনুষ্ঠানিকভাবে চিনেমাখনৰ নিৰ্মাতা আইমী বৰুৱাক বাছনি কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in