/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/agrani-batory-22.jpg)
ডিজিটেল ডেস্ক: ৬ জনগোষ্ঠী ঐক্য মঞ্চৰ প্রতিবাদী কাৰ্যসূচী ঘোষণা। চৰকাৰে আমন্ত্রণ জনোৱা আলোচনাত অংশগ্রহণ নকৰাৰ সিদ্ধান্ত ঐক্য মঞ্চৰ।
২১ ছেপ্টেম্বৰত চৰকাৰে আলোচনালৈ আমন্ত্রণ জনাইছিল ।কিন্তু এই আলোচনাত অংশ গ্ৰহণ নকৰাৰ লগতে ২২ ছেপ্টেম্বৰত জনতা ভৱন ঘেৰাও কাৰ্যসূচী ঘোষণা কৰে ঐক্য মঞ্চই।
আটাছুৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁইয়ে কয় যে, চৰকাৰৰ আলোচনা কেৱল গণতান্ত্রিক আন্দোলন মষিমূৰ কৰাৰ। চৰকাৰে বাৰে বাৰে আলোচনা কৰি থাকে,কিন্তু তাৰ কোনো উত্তৰ নাই।
তেওঁ কয় যে এই চৰকাৰখন বিগত চৰকাৰতকৈ এখোপ চৰা। নিৰ্বাচন বৰ্জন নকৰো, কিন্তু চৰকাৰক প্রত্যুত্তৰ দিম বুলি কয় বুঢ়াগোঁহাইয়ে। ত্রিপাক্ষিক বৈঠক কৰিলেহে আলোচনাত অংশগ্রহণ কৰিম ।
২০১৪ৰ লোকসভা নিৰ্বাচনত প্রতিশ্রুতি দিছিল বিজেপিয়ে। কিন্তু বিজেপিয়ে প্রতাৰণা কৰিলে বুলি কয় বুঢ়াগোঁহাইয়ে।