ভাল খবৰ! চলিত বছৰৰ পৰাই এম.বি.বি.এছৰ পাঠ্যক্ৰম আৰম্ভ হ’ব চাংসাৰি এইমছত…

ভাল খবৰ! চলিত বছৰৰ পৰাই এম.বি.বি.এছৰ পাঠ্যক্ৰম আৰম্ভ হ’ব চাংসাৰি এইমছত…

author-image
asomiyapratidin
New Update
ভাল খবৰ! চলিত বছৰৰ পৰাই এম.বি.বি.এছৰ পাঠ্যক্ৰম আৰম্ভ হ’ব চাংসাৰি এইমছত…

ডিজিটেল ডেস্ক : ৰাজ্যবাসীৰ বাবে সুখবৰ। উত্তৰ গুৱাহাটীৰ চাংসাৰীত নিৰ্মাণৰত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছ, গুৱাহাটীৰ চলিত বৰ্ষৰ পৰাই আৰম্ভ হ'ব এম বি বি এছৰ পাঠ্যক্ৰম । প্ৰথম বছৰৰ পাঠ্যক্ৰমত গুৱাহাটীৰ এইমছত নাম ভৰ্তি কৰিব নীটত উত্তীৰ্ণ হোৱা ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে।

আনুষ্ঠানিকভাৱে গুৱাহাটীৰ এইমছ উদ্বোধন নহ'লেও ইতিমধ্যে তাত আৰম্ভ হৈছে আভ্যন্তৰীণ আৰু বহি:বিভাগৰ চিকিৎসা সেৱা। আইচিউৰ বিছনা বাদ দি আয়ুৰ্বিজ্ঞান এই প্ৰতিষ্ঠানখনত আৰম্ভ কৰা চিকিৎসালয়ত সাজু কৰি তোলা হৈছে ৫৫০খন বিছনা।

এইমছৰ প্ৰথম বছৰৰ পাঠ্যক্ৰমৰ বাবে চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ আৰি শিলচৰ মেডিকেল কলেজ হ'ল ৰাজ্যখনৰ প্ৰধান চিকিৎসা শিক্ষা প্ৰতিষ্ঠান। ইয়াৰ উপৰিও নতুনকৈ নিৰ্মাণ কৰা যোৰহাট, ডিফু, লখিমপুৰ, বৰপেটা এই ৫খন চিকিৎসা মহাবিদ্যালয়ত ৰাজ্যখনৰ ৬০০ এম বি বি এছ শিক্ষাৰ্থীয়ে অধ্যয়নৰ সুযোগ লাভ কৰিছে।

আনহাতে ধুবুৰী চিকিৎসা মহাবিদ্যালয়তো ১০০ শিক্ষাৰ্থীয়ে এম বি বি এছ পাঠ্যক্ৰমৰ শিক্ষা লাভ কৰাৰ বাবে উক্ত চিকিৎসা মহাবিদ্যালয়ত ইতিমধ্যে নেশ্যনেল মেডিকেল কাউন্সিলে অনুমোদন জনাইছে। ইয়াৰ বিপৰীতে নলবাৰী আৰু কোকৰাঝাৰৰ চিকিৎসা মহাবিদ্যালয় কেইখনৰ আন্ত: গাঁঠনিসহ ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ হ'ল যদিও বৰ্তমানলৈকে ইয়াত এম বি বি এছ পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে ৰাষ্ট্ৰীয় কৰ্তৃপক্ষই অনুমোদন জনোৱা নাই।

অৱশ্যে উক্ত কলেজৰ বাবে প্ৰিন্সিপাল, অধ্যাপক আদি নিয়োগ কৰা হৈছে আৰু এন এম চিৰ পৰা পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে প্ৰাৰম্ভিক অধ্যয়ন চলাই থকা হৈছে।

assam himanta biswa sarma guwahati