/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4e0b26c2-1281-4ecd-83c2-f0c2ea833e4c/_ljj.jpg)
ডিজিটেল ডেস্কঃ দেশৰেই আগশাৰীৰ ইউৰোলোজিষ্ট ড০ অৰূপ কুমাৰ নাথলৈ বিশেষ সন্মান ভাৰতীয় আৰ্যুবিজ্ঞান প্ৰতিষ্ঠান এইমছ, ভূৱনেশ্বৰৰ। বিশিষ্ট চিকিৎসকগৰাকীক এই চিকিৎসা প্ৰতিষ্ঠানে আমন্ত্ৰণ কৰিছিল অফাৰেটিং ফেকালটি হিচাপে।
ভূবনেশ্বৰ এইমছত ২১ জুলাইৰ পৰা ২৩ জুলাইলৈ ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছিল এফ এফ ইউ এছ সন্মিলন আৰু বৈজ্ঞানিক কৰ্মশালা। এই কৰ্মশালাত অংশ লৈ ড০ নাথে থুলিয়াম ফাইবাৰ লেজাৰ প্ৰয়োগেৰে প্ৰ'ষ্টেটৰ জটিল অস্ত্ৰোপচাৰ কেনেদৰে সম্পন্ন কৰিব পাৰি সেই সন্দৰ্ভত ব্যৱহাৰিকভাৱে অস্ত্ৰোপচাৰ সম্পন্ন কৰি দেখুৱায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/9d745dec-2876-46bd-bcde-73d50eaefa8e/12c3908e_b429_4f35_9e54_4fc3a8aa7eb0.jpg)
উল্লেখ্য যে, এই অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰে জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা দেশৰ অন্যতম প্ৰতিষ্ঠিত চিকিৎসক ড০ নাথৰ এই প্ৰদৰ্শনত উপস্থিতি ইউৰোলেজিষ্ট সকলে ভূয়সী প্ৰশংসা কৰে। দক্ষিণ পূৱ এছিয়াৰেই অন্যতম অভিজ্ঞ আৰু প্ৰতিষ্ঠিত এই বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে ফিমেল এণ্ড ফানচনেল ইউৰোলোজিৰ শীৰ্ষক আন এক অনুষ্ঠানটো অংশ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/0117caff-f43a-4127-b829-f133e800f811/ac61d54c_2a70_4086_8f53_4da96ed9400f.jpg)
ড০ অৰূপ কুমাৰ নাথ ইনষ্টিটিউট অফ ইউৰোলোজি এণ্ড কিডনী ডিজিজেজৰ পৰিচালক সঞ্চালক তথা এই প্ৰতিষ্ঠানটোৰ মুখ্য ইউৰোলোজি বিশেষজ্ঞ। অভিলেখ সংখ্যক অস্ত্ৰোপচাৰে মাইলৰ খুঁটি স্থাপন কৰা ড০ নাথক ভুৱনেশ্বৰ এইমছত সম্বৰ্ধনাও জনোৱা হয়।
Also Read: বিত্তীয় প্ৰতিস্থানত ডকাইতি কৰিবলৈ আহি পিস্তলসহ আটক এজন