বিশিষ্ট সমাজকৰ্মী,ধৰ্মপ্ৰাণ ব্যক্তি আজ্ঞা প্ৰসাদ চুবেদীৰ মৃত্যুত শোক...

বিশিষ্ট সমাজকৰ্মী,ধৰ্মপ্ৰাণ ব্যক্তি আজ্ঞা প্ৰসাদ চুবেদীৰ মৃত্যুত শোক...
বিশিষ্ট সমাজকৰ্মী,ধৰ্মপ্ৰাণ ব্যক্তি আজ্ঞা প্ৰসাদ চুবেদীৰ মৃত্যুত শোক...

ডিজিটেল সংবাদ গহপুৰঃ গহপুৰৰ কাৰিবিল নেপালীৰ বিশিষ্ট সমাজকৰ্মী,ধৰ্মপ্ৰাণ ব্যক্তি আজ্ঞা প্ৰসাদ চুবেদীৰ মঙলবাৰে নিশা পৰলোকপ্ৰাপ্তি হয়। সমাজ আৰু দহৰ উন্নয়নৰ হকে সেৱা আগবঢ়াই বৃহত্তৰ অঞ্চলটোত ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি অহা আজ্ঞা প্ৰসাদ চুবেদীৰ বিয়োগত গভীৰ শোকৰ ছাঁ পৰিছে বৃহত্তৰ ছয়দুৱাৰ অঞ্চলত।

মিছামাৰীৰ আনন্দ চন্দ্ৰ আগৰৱালা কনিষ্ঠ মহাবিদ্যালয়ত ব্যক্তিগত প্ৰচেষ্টাত কুঁৱা আৰু দুখনকৈ পকী তোৰণৰ লগতে মিছামাৰী আৰু উত্তৰ কাৰিবিলত দুটাকৈ জিৰণি চ'ৰাকে ধৰি অঞ্চলটোৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠানলৈ মুক্ত হস্তে দান বৰঙণি আগবঢ়াই জীৱনৰ সুদীৰ্ঘ সময় সমাজৰ হকে কাম কৰি অহা আজ্ঞা প্ৰসাদ চুবেদীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৯৬ বছৰ।

মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰ ক্ৰমে হেলেম সমবায় সমিতিৰ সম্পাদক ঘনশ্যাম চুবেদী,পঞ্চায়ত সচিৱ চন্দ্ৰ চুবেদীৰ লগতে দুগৰাকী বোৱাৰী, চাৰিগৰাকী বিবাহিত জীয়াৰী,চাৰিজন জোঁৱাই,কেইবাটাও নাতি-নাতিনীৰ লগতে বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ গৈছে।

বিশিষ্ট সমাজকৰ্মী,ধৰ্মপ্ৰাণ ব্যক্তি আজ্ঞা প্ৰসাদ চুবেদীৰ মৃত্যুত শোক...
মিজোৰামৰ চাম্পাইত ৩১ কোটি টকাৰ নিষিদ্ধ দ্ৰব্য জব্দঃ মহিলাসহ গ্ৰেপ্তাৰ দুই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in