অখ্যাত জনজাতীয় স্বাধীনতা সংগ্ৰামীৰ তথ্য সমৃদ্ধ গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত অসম কৃষি বিশ্ববিদ্যালয়ৰ

মঙলবাৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত ' ভাৰতৰ স্বাধীনতা সংগ্ৰামত জনজাতি নায়কৰ যোগদান' শীৰ্ষক বিষয়ত অনুষ্ঠিত প্ৰদৰ্শনীৰ শুভাৰম্ভনি অনুষ্ঠানত এই বিষয়ে প্ৰকাশ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই ।

author-image
Asomiya Pratidin
New Update
অখ্যাত জনজাতীয় স্বাধীনতা সংগ্ৰামীৰ তথ্য সমৃদ্ধ  গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত অসম কৃষি বিশ্ববিদ্যালয়ৰ

অসম কৃষি বিশ্ববিদ্যাল

ডিজিটেল সংবাদ, যোৰাহাট: অসমৰ বিভিন্ন জনজাতিৰ অখ্যাত স্বাধীনতা সংগ্ৰামীৰ বিষয়ে গৱেষণালব্ধ গ্ৰন্থ প্ৰকাশ কৰিব অসম কৃষি বিশ্ববিদ্যালয়ে । ইতিমধ্যে জনসমাজৰ মাজত পৰিচিত নোহোৱা এই লোক সকলৰ তথ্যৰ জৰিয়তে জনগোষ্ঠীটোৰ বিষয়ে সৰ্বস্তৰৰ জনসাধাৰণে জনাৰ লগতে জাতীয় চেতনাৰে উজ্জীৱিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

Advertisment

বুধবাৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত ' ভাৰতৰ স্বাধীনতা সংগ্ৰামত জনজাতি নায়কৰ যোগদান' শীৰ্ষক বিষয়ত অনুষ্ঠিত প্ৰদৰ্শনীৰ শুভাৰম্ভনি অনুষ্ঠানত এই বিষয়ে প্ৰকাশ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই । ৰাষ্ট্ৰীয় অনুসুচিত জনজাতি আয়োগৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই প্ৰদৰ্শনীৰ শুভাৰম্ভনিত উপাচাৰ্য গৰাকীয়ে লগতে কয় যে স্বাধীনতা সংগ্ৰামী বুলিলে আমি আঢ্যৱন্ত পৰিয়ালৰ সংগ্ৰামীসকলৰ বিষয়ে ঠিকেই জানো কিন্তু দেশৰ চুকে কোণে পিছপৰা আৰু জনজাতিৰ স্বাধীনতা সংগ্ৰামীসকলৰ কথা বেছি ভাগেই নাজানো ।

এই সকলৰ বিষয়ে আমি জনাটো আৰু আনকো জনোৱাতো আমাৰ দায়িত্ব । ঠিক একেদৰেই আমি আমাৰ সংস্কৃতিও সংৰক্ষণ কৰিব লাগে নিজে নিজেই ।আমি নিজৰ সংস্কৃতিক সন্মান কৰি আগবাঢ়িব লাগে যাতে আমাৰ থলুৱা সংস্কৃতিৰ বিষয়ে আনে জানিব পাৰে । আমাৰ সৰু সৰু জনজাতিবোৰৰ মাজৰ সম্ভাৱনাপূৰ্ণ উপাদানবোৰ তথা সৰু সৰু সফলতাৰ কাহিনীবোৰে সকলোকে উজ্জীৱিত কৰিব পাৰে ।

ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় অনুসুচিত জনজাতি আয়োগৰ নতুন দিল্লীৰ যুটীয়া সচিব কনথাঙ টৌথাঙ য়ে ভাষণত কয় যে জনজাতি সকলৰ অধিকাৰৰ ৰক্ষাৰ বাবে সাংবিধানিক ভাৱে ব্যৱস্থা আছে । বাহ্যিক দায়বদ্ধতাৰে এইসকলে কেনেকৈ উন্নতি কৰিব এই বিষয়ত জনজাতি আয়োগে কাম কৰি আহিছে। ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগেও যি কোনো সময়তে বিভিন্ন নীতি আৰু কৰ্মসূচীৰে জনজাতি সকলৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে সচেষ্ট হৈ আহিছে ।

অসম কৃষি বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় অনুসুচিত জনজাতি আয়োগৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটোত কাৰ্বি আংলং কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° সুবল মাইবঙচাই জনজাতিৰ লোকসকলৰ স্বাধীনতা সংগ্ৰামত অৱদানৰ ওপৰত বক্তব্য আগবঢ়ায় । কল্যাণ আশ্ৰম অসমৰ যুটীয়া সম্পাদক নিত্য ৰঞ্জন দলেই বক্তব্য ৰখা অনুষ্ঠানটোত জনজাতীয় স্বাধীনতা সংগ্ৰামীৰ বিষয়ৰ গৱেষক তথা লামডিং কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড° বন্দিতা টেৰণপীয়ে দৃশ্য শ্ৰাব্য উপস্থাপনেৰে পৰিচিত আৰু অখ্যাত স্বাধীনতা সংগ্ৰামীৰ বিষয়ত তথ্যসমৃদ্ধ ভাষণ আগবঢ়ায় ।

অনুষ্ঠানত ৰাষ্ট্ৰীয় অনুসুচিত জনজাতি আয়োগৰ এটা ভিডিঅ প্ৰদৰ্শন কৰাৰ লগতে শিক্ষাৰ্থীসকলেও অনুষ্ঠান পৰিৱেশন কৰে ।এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাই , সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক, ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞা ,স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড° অনুপ কুমাৰ দাস, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদ, সহযোগী গৱেষণা সঞ্চালক ড° মৃণাল শইকীয়াৰ লগতে বিশ্ববিদ্যালয়ৰ বিভাগীয় মুৰব্বীসকল , অধ্যাপকসকল, গৱেষক - বিজ্ঞানী আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে ।

assam jorhat