/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ , নগাঁও : নগাঁৱত স্থাপন হ'ব কৃষি বিশ্ববিদ্যালয় ৷ ৰাজ্যৰ ভিতৰতে নগাঁও জিলাই কৃষি উৎপাদনৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰি অহাৰ সময়তে নগাঁও জিলাত কৃষি বিশ্ববিদ্যালয় স্থাপনৰ বাবে চৰকাৰে কুজকাৱাজ চলোৱাটো ইতিবাচক দিশ ৷
নগাঁও উপায়ুক্ত কাৰ্যালয়ত প্ৰস্তাবিত নগাঁও কৃষি বিশ্ববিদ্যালয় স্থাপনৰ বাবে এক গুৰুত্বপূৰ্ণ সভা মঙলবাৰে অনুষ্ঠিত হয় ৷ বিশেষকৈ এই সভাত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ভূমি আবন্টনৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি নগাঁও চহৰৰ কাষৰীয়া অঞ্চল চিলঙনিত কৃষি বিশ্ববিদ্যালয় খনি স্থাপনৰ বাবে ভূমি আবন্টনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
নগাঁৱত কৃষি বিশ্ববিদ্যালয় স্থাপনৰ বাবে চৰকাৰে হাতত লোৱা পদক্ষেপ বাস্তবায়িত হৈ উঠিলে নিশ্চিত ভাবে ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ উত্তৰনত এক বিশেষ মাত্ৰা প্ৰদান কৰিব ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বধীন চৰকাৰ খনৰ উন্নয়ন মূলক কামৰ অন্য এক অনন্য পদক্ষেপ হ'ব প্ৰস্তাবিত নগাঁও কৃষি বিশ্ববিদ্যালয়ৰ স্হাপনৰ পদক্ষেপ ৷ অহা ১৬ এপ্ৰিলত নগাঁও ভ্ৰমণলৈ আহিব লগা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তাবিত নগাঁও কৃষি বিশ্ববিদ্যালয়ৰ কথা ৰাজহুৱা কৰাৰ সম্ভৱনা আছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us