কৃষি বিভাগত ৬০ কোটি ৭০ লাখ টকীয়া কেলেংকাৰী ! তদন্তৰ নামত এটা দশক পাৰ কৰিলে চি আই ডিয়ে...

২০১০-১১ বৰ্ষত কংগ্ৰেছ চৰকাৰৰ আমোলত সংঘটিত হৈছিল এই দুৰ্নীতি...
AGRICULTURE DEPARTMENT SCAM
AGRICULTURE DEPARTMENT SCAM AGRICULTURE DEPARTMENT SCAM

ডিজিটেল সংবাদ ওৰাংঃ ৰাজ্যৰ কৃষি বিভাগত প্ৰায় ৬০ কোটি ৭০ লাখ টকীয়া কেলেংকাৰী ! তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে উন্মোচিত হৈছে এই বৃহৎ কেলেংকাৰী। আৰ টি আই কৰ্মী তথা অধিবক্তা প্ৰণৱ জ্যোতি নাথে পোহৰলৈ আনিছে কৃষি বিভাগত সংঘটিত হোৱা প্ৰায় ৬০ কোটি ৭০ লাখ টকীয়া কেলেংকাৰীৰ তথ্য।

তথ্য অনুসৰি কংগ্ৰেছ চৰকাৰৰ দিনত ২০১০-১১ বৰ্ষত কৃষি বিকাশ যোজনাৰ অধীনত অসমলৈ কেন্দ্ৰীয় চৰকাৰে দ্বিতীয় কিস্তি হিচাপে মুকলি কৰি দিছিল এই ধনখিনি। ইয়াৰে Marketing Support To Farmers Through Auto Van শীতানত কৃষকৰ বাবে ক্ৰয় কৰা বাহনত কেলেংকাৰী হোৱাৰ সন্দেহ কৰি বাহন ক্ৰয় তথা হিতাধিকাৰীৰ সবিশেষ বিচাৰি ৯ মে' ২০২২ত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এই সম্পৰ্কে তথ্য বিচাৰি আৱেদন কৰিছিল।

কিন্তু ২১ জুন ২০২২ ত এই বিষয়ৰ তথ্য পাতিসমূহ তদন্তৰ বাবে জব্দ কৰিছিল চি আই ডিয়ে। যাৰ বাবে আৰ টি আইৰ তথ্যসমূহ প্ৰদানৰ পৰা বিতৰ থাকে বিভাগটোৱে। কিন্তু এনে এটা বিষয়ত বছৰৰ পিছত বছৰ ধৰি চি আই ডিয়ে তদন্ত কৰি প্ৰতিবেদন দাখিল নকৰাত সৃষ্টি হৈছে ৰহস্যৰ।

বৰ্তমানো কোনো অজ্ঞাত শক্তিৰ প্ৰভাৱত তদন্তৰ প্ৰতিবেদন দাখিল নকৰাৰ অভিযোগ কৰিছে আৰ টি আই কৰ্মী প্ৰণৱ জ্যোতি নাথে। ইয়াৰ জৰিয়তে দুৰ্নীতি গাপ দিয়াৰো সন্দেহ কৰিছে আৰ টি আই কৰ্মীজনে। যাৰ বাবে এতিয়া এই সমগ্ৰ বিষয়টোত চি আই ডিৰ ভূমিকাক দুৰ্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰাৰ লগতে ইয়াৰ তদন্তৰ দাবী কৰিছে প্ৰণৱ কুমাৰ নাথে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in