/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/ytyt.jpg)
ডিজিটেল সংবাদ, নগাঁও: কৃষক সকলৰ বাবে সুখবৰ ৷ বিশেষকৈ ৰাজ্যৰ কৃষক সকল প্ৰধানত ধান খেতিৰে জড়িত ৷ ধান খেতিৰ উন্নত মানৰ বীজ কি কি , কোন সময়ত কি বীজৰ কি খেতি কৰিব লাগে , বান প্ৰবৰ এলেকাত কি বীজৰ ধান কৰিব লাগে , খৰাঙ এলেকাত কেনেকৈ ধান খেতি কৰিব লাগে আদি সকলো বিষয় সামৰি কৃষি বিভাগে সাজু কৰিছে এটি এপ আৰু ৱেব পেইজ ৷
ৰাইচ ন'লেজ বেংক নামৰ এপটোৰ জৰিয়তে কৃষক সকলৰ হিত সাধনৰ চেষ্টা কৰা হৈছে ৷ ধান খেতিৰ সন্দৰ্ভত তথ্যৰ ভড়াঁল ৰাইচ ন'লেজ বেংকটো প্ৰস্তুত কৰা হৈছে ৷ নগাঁৱৰ চিলঙনিৰ আঞ্চলিক কৃষি গবেষনা কেন্দ্ৰত আৰ কে বিৰ ব্যৱহাৰৰ ক্ষেত্ৰত বুধবাৰে এক প্ৰশিক্ষন শিবিৰ অনুষ্ঠিত হয় ৷
দিনৰ ১১-৩০ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষন শিবিৰটোৰ আত ধৰে ড° শৰ্মি গগৈয়ে ৷ আঞ্চলিক কৃষি গবেষনা কেন্দ্ৰটোৰ সভাগৃহত অনুষ্ঠিত হোৱা প্ৰশিক্ষন শিবিৰত গবেষনা কেন্দ্ৰটোৰ মুখ্য বিজ্ঞানী ড° অমল চন্দ্ৰ শৰ্মা , বিজ্ঞানী নবজ্যোতি ডেকা , এপ্ৰাৰ্টৰ আৰু এন এফ এছ এমৰ ৰাজ্যিক পৰামৰ্শদাতা ড° অৰুনিমা দেব চৌধুৰীয়ে ৰাইচ ন'লেজ বেংকৰ ওপৰত উপস্হিত কৃষক সকলৰ আগত আলোকপাত কৰে ৷
উপস্থিত কৃষক সকলক প্ৰশিক্ষন প্ৰদান কৰে আই আৰ আৰ আইৰ বিবেক কুমাৰে ৷ প্ৰশিক্ষন শিবিৰটোত ড° পঙ্কজ কুমাৰ দেব চৌধুৰী , ড° অঞ্জু মালা ডেকা , এলিজা বাৰু , পাৰ্থ প্ৰতিম বৰা আদি উপস্হিত থাকে ৷
আৰু পঢ়ক: ৩ দিনীয়া কাৰ্যসূচীৰে বৰাকত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা, বান নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহ পৰিদৰ্শন…