‘অগ্ৰদূত’ৰ ৫০ বছৰঃ অনুষ্ঠানত অংশ গ্ৰহণ কৰি মোডীয়ে ক’লে, উচ্চ শিখৰলৈ গতি কৰক…

‘অগ্ৰদূত’ৰ ৫০ বছৰঃ অনুষ্ঠানত অংশ গ্ৰহণ কৰি মোডীয়ে ক’লে, উচ্চ শিখৰলৈ গতি কৰক…

author-image
asomiyapratidin
New Update
‘অগ্ৰদূত’ৰ ৫০ বছৰঃ অনুষ্ঠানত অংশ গ্ৰহণ কৰি মোডীয়ে ক’লে, উচ্চ শিখৰলৈ গতি কৰক…

ডিজিটেল ডেস্ক: সোণালী জয়ন্তীত ভৰি দিলে অসমৰ সংবাদপত্ৰ অগ্ৰদূতে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি অনুষ্ঠিত হোৱা সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিয়লি ৪-৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰাৰ লগতে সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভ কৰে। 

Advertisment

 প্ৰধানমন্ত্ৰী মোডীত আদৰণি জনাই অগ্ৰদূতৰ মুখ্য সম্পাদক কনক সেন ডেকাই। এই অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি প্ৰতিগগৰাকী ব্যক্তিকে ধন্যবাদ জনাই ডেকাই। লগতে লেখক, লেখিকা আৰু পঢ়ুৱৈ সমাজকো ধন্যবাদ জনাই ডেকাই।

সভাত ভাৰ্চুৱেল যোগে অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে দৈনিক অগ্ৰদূতৰ লগত জড়িত প্ৰতিগৰাকী লোককে ৫০ বছৰীয়া এই যাত্ৰাৰ বাবে মই অভিনন্দন জ্ঞাপন কৰিলো। আগন্তুক সময়ত অগ্ৰদূতে আৰু উচ্চ শিখৰত গতি কৰক।

মোডীয়ে কয় যে শ্ৰীমন্ত শংকৰদেৱে অসমীয়া কাব্য আৰু ৰচনাৰ মাধ্যমেৰে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনাক সচকিত কৰিছিল।দৈনিক অগ্ৰদূতেই লিখনিৰ মাধ্যমেৰে যথেষ্ঠ ভূমিকা আগবঢ়াইছে। সাংবাদিকতাই প্ৰাধান্য দি আছে। দেশত জৰুৰীকালীন সমস্যা ঘোষণা হোৱাৰ সময়তো অগ্ৰদূত আৰু কনকসেন ডেকাই কোনো ধৰণৰ বুজা বুজি কৰা নাছিল। তেখেতে মূল্য আধাৰিত সাংবাদিকতাৰ বাবে কাম কৰি গৈছে। লগতে মাতৃভাষাক প্ৰাধান্য দিয়াত অগ্ৰদূতে যথেষ্ঠ ভূমিকা পালন কৰা বুলিও কয় মোডীয়ে।

উল্লেখ্য যে, আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পিয়ুষ হাজৰিকা, মন্ত্ৰী কেশৱ মহন্তকে ধৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত আছে।

আৰু পঢ়ক: জেংৰাইমুখ টাউনত খেৰকটীয়া নৈৰ ভয়ংকৰ খহনীয়া: নিমিষতে জাহ গ'ল ব্ৰহ্মপুত্ৰৰ ডেৰ কোটি টকীয়া সুৰক্ষা প্ৰকল্প…

assam agradoot narendra modi