জেল হাজোতলৈ প্ৰেৰণ নদুৱাৰ সমষ্টিৰ অগপ নেত্ৰী মুচকান বেগম

জেল হাজোতলৈ প্ৰেৰণ নদুৱাৰ সমষ্টিৰ অগপ নেত্ৰী মুচকান বেগম

author-image
Asomiya Pratidin
New Update
টকা লোৱাৰ আগত সাৱধানঃ লাখে লাখে ওলাইছে নকল টকা...

agrani khabar

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ নিৰ্বাচন শেষ হ'ল যদিও এতিয়াও বাদ-প্ৰতিবাদ অব্যাহত আছে নদুৱাৰ সমষ্টিত ৷ যোৱা ১৯ এপ্ৰিলৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নদুৱাৰ সমষ্টিৰ পাচমাইলস্থিত মকুৱা প্ৰাথমিক বিদ্যালয়ৰ ২১৬ নং ভোটকেন্দ্ৰত অগপ নেত্ৰী মুচকান বেগমে একাংশ সাধাৰণ ভোটাৰ ৰাইজক কংগ্ৰেছত ভোট দিবলৈ প্ৰৰোচিত কৰা কাৰ্যত ভোটকেন্দ্ৰটোত চৰম উত্তেজনা ময় পৰিৱেশ সৃষ্টি হৈছিল। ইয়াৰ পিছতেই নিৰ্বাচনী বিষয়াৰ এজাহাৰৰ ভিত্তিত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কৰা হৈছিল মুচকান বেগমক৷

Advertisment

উল্লেখযোগ্য যে শনিবাৰে অগপ নেত্ৰী মুচকান বেগমে ভোটকেন্দ্ৰত জোৰজৱৰদস্তি বিজেপিৰ বিপৰীতে কংগ্ৰেছক ভোট দিবলৈ বাধ্য কৰোৱা একাংশ ৰাইজ সৰব হৈ পৰে৷ এই ক্ষেত্ৰত ভুক্তভোগী কেইগৰাকীমান শাৰীৰিকভাৱে অক্ষম ব্যক্তিয়ে সাংবাদিকৰ আগত অগপ নেত্ৰী মুচকান বেগমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ ভোটাৰ ৰাইজৰ অভিযোগ মুচকানে হাতত ধৰি জোৰজৱৰদস্তি কংগ্ৰেছত ভোট দিয়াইছিল ৷

Also Read: জখলাবন্ধাত নৈশ বাছলৈ শিলগুটি নিক্ষেপ দুৰ্বৃত্তৰ

agp jamugurihaat