পাঠশালাত অগপৰ বজালী বিধান সভা সমষ্টি সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভা সম্পন্ন

পাঠশালাত অগপৰ বজালী বিধান সভা সমষ্টি সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভা সম্পন্ন

author-image
Asomiya Pratidin
New Update
পাঠশালাত অগপৰ বজালী বিধান সভা সমষ্টি সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভা সম্পন্ন

ডিজিটেল সংবাদ, বজালীঃ সমাগত লোকসভা নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে। সমান্তৰালভাৱে অসম গণ পৰিষদেও দলটো শক্তিশালী কৰাৰ লগতে দলীয় সাংগঠনিক ভেটি টনকিয়াল কৰাত উঠি পৰি লগা পৰিলক্ষিত হৈছে।

Advertisment

বিশেষকৈ বৰপেটা লোক সভা সমষ্টি ২০২৪ ৰ লোকসভা নিৰ্বাচনত যাতে হেৰুৱাব লগা নহয় তাৰ প্ৰতি লক্ষ ৰাখি অগপৰ দলীয় নেতা কৰ্মী সকলে সঘনাই সমষ্টিটোৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰি আহিছে সাংগঠনিক সভা।

অগপৰ বজালী বিধান সভা সমষ্টিৰ সভাপতি সভাপতি জিন্টু চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অগপৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰয় উপস্থিত থাকে। তেওঁ বজালী বিধান সভা সমষ্টিত অগপৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ ক্ষেত্রত বিভিন্ন পৰামৰ্শ আগবঢ়াই আৰু দলৰ সকলো স্তৰৰ নেতা কৰ্মীকে দলৰ হৈ কাম কৰি যাবলৈ আহবান জনায়।

উক্ত সভাতে অগপৰ উপ সভাপতি তথা ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ডঃ ৰনজিত ডেকাই উপস্থিত থাকি দলটোক আৰু অধিক শক্তিশালী কৰাৰ স্বাৰ্থত সকলো দলীয় কৰ্মীকে কাম কৰি যাবলৈ আহবান জনায় । সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ডঃ ডেকাই দলে বৰপেটা লোকসভা সমষ্টিত তেওক প্ৰাৰ্থীত্ব দিলে নিস্বয় তেও নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি কয়।

Also Read: ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলি! থাৰ আৰু জিপচি বাহনৰ মুখামুখি সংঘৰ্ষত ৪ জন নিহত