/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6e682c35-e24a-4504-9057-f2412ec5ff8e/3.jpg)
ডিজিটেল সংবাদ, মেৰাপানীঃ বুধবাৰে অসম গণ পৰিষদ দলে গোলাঘাট জিলাখনৰ চাৰিটাকৈ সমষ্টি ক্ৰমে সৰুপথাৰ, খুমটাই, দেৰগাঁও আৰু গোলাঘাট বিধান সমষ্টিত এককভাৱে নিজৰ দলীয় শক্তি প্ৰদৰ্শন কৰি নিৰ্বাচনী ৰণশিঙা বজোৱা পৰিলক্ষিত হয়। অগপৰ সভাপতি অথা কৃষিমন্ত্ৰী অতুল বৰাই প্ৰথমে সৰুপথাৰ, খুমটাই সমষ্টিৰ দৈগ্ৰোং আৰু মেৰাপানীৰ পাছতে দেৰগাঁওত উপস্থিত হৈ কেইবাখনো নিৰ্বাচনী সভাত অংশ লয়।
কাজিৰঙা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ সমৰ্থনত অনুস্থিত কৰা সভাত মন্ত্ৰী অতুল বৰাই বিৰোধী কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছত এতিয়া মানুহৰ অভাৱ বুলি মন্তব্য কৰে। নিৰ্বাচনী প্ৰচাৰ সভাতে জাতীয় পৰিষদ, কংগ্ৰেছ আৰু অন্যান্য দলৰ শতাধিক লোকে অগপ দলত যোগদান কৰে৷
মন্ত্ৰী অতুল বৰাই ভাষণ প্ৰসঙ্গত কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বলিষ্ঠ নেতৃত্বত কেন্দ্ৰত আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত এনডিএ চৰকাৰে জনসাধাৰণৰ জীৱন ধাৰণৰ মান ৰূপান্তৰিত কৰাৰ লগতে সৰ্বাংগীণ উন্নয়নৰ যাত্ৰাক নতুন গতি দিয়াৰ নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে।
উন্নয়ণ আৰু সম বিকাশৰ জড়িয়তে বিজেপি আৰু মিত্ৰজোঁটে ৰাইজৰ বাবে অধিক উন্নয়ণ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক জয়যুক্ত কৰাৰ আহ্বান জনায়।
Also Read: শুই থকা অৱস্থাত অগ্নিদগ্ধ হৈ যুৱকৰ মৃত্যু
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us