/asomiyapratidin/media/media_files/2025/06/09/SPGLYYXLNzQUyMDfNbnw.jpg)
অগপৰ নেত্ৰী চিকুণী শইকীয়াৰ দেহাৱসান
ডিজিটেল সংবাদ, বেবেজীয়া: নগাঁও পৌৰসভাৰ ২৪নংৱাৰ্ডৰ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ চিকুণী শইকীয়াৰ (৭৬) দেওবাৰে সন্ধিয়া মৰিকলং চাৰিআলিৰ নিজা বাসভৱনত দেহাৱসান ঘটে।
নিশাই আমোলাপট্টিৰ শিৱমন্দিৰ শ্মশানত তেওঁৰ শেষকৰ্ম সমাপন কৰা হয়। মৰিকলং অঞ্চলৰ সামাজিক কামত আগৰণুৱা চিকুনী শইকীয়া জখলাবন্ধাৰ ধৰণী মজুমদাৰ আৰু বাবৰি মজুমদাৰৰ অষ্টম সন্তান আছিল। তেওঁ ডিব্ৰুগড়ত নাৰ্চিঙৰ শিক্ষা লৈ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ষ্টাফ নাৰ্চ হিচাপে জীৱিকা জীৱন আৰম্ভ কৰি শেষলৈ মেট্ৰনলৈ পদোন্নতি লৈ ১৯৮৬ত স্বেচ্ছাই অৱসৰ লয়। ১৯৭০ত গোলাপ শইকীয়াৰে যুগ্ম জীৱন আৰম্ভ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ স্বামী গোলাপ শইকীয়াৰ লগতে দুই জীয়ৰী জয়া শইকীয়া চেতিয়া,লভিতা শইকীয়া দাস, জ্যেষ্ঠ জোৱাই সত্যজিৎ চেতিয়া আৰু কনিষ্ঠ ৰাজেশ দাসৰ লগতে নাতি নাতিনী সহ এনেক গুণমুগ্ধক ইহ সংসাৰত এৰি যায়।
উল্লেখ্য যে, শিৰাজনিত ৰোগত যোৱা সাত বছৰ ধৰি শয্যাশায়ী হৈ আছিল অগপৰ জেষ্ঠ্য নেত্ৰীগৰাকী। অঞ্চলটিৰ আদৰ্শ গৃহিণী,আদৰ্শ মাতৃ শংকৰ মিচন আৰু সাহিত্য সভাৰ আজীৱন সদস্য,সমাজ কল্যান বিভাগৰ উপদেষ্টা পৰিষদৰ সদস্য, অগপৰ ভগ্নী সংগঠন জিলা মহিলা পৰিষদৰ প্ৰাক্তন সম্পাদিকা, অনবৰতে যিকোনো হাতৰ বিদ্যাত ব্যস্ত থকা মহিলা গৰাকীক হেৰুৱাই অঞ্চলবাসী ম্ৰিয়মান হৈ পৰিছে।