/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/7fcdefc9-6573-4ee5-8f56-e9bb707a8e34.jpg)
সন্মুখত নিৰ্বাচন। চৌদিশে চৰ্চা হৈছে এইবাৰ নিৰ্বাচনত ডিজিটেল মাধ্যমে ল'ব গুৰুত্বপূৰ্ণ ভূমিকা। এই মাধ্যমৰ জৰিয়তে চলিব নিৰ্বাচন। এতিয়া মানুহৰ হাতে হাতে ম'বাইল। চাওঁ বুলিলেই ম'বাইলটোতে চাব পাৰি পৃথিৱীৰ খবৰ। তাৰ সুযোগ লৈছে ৰাজনৈতিক দলবোৰেও।
অসমত ৩টা পৰ্যায়ত হ'ব লোকসভা নিৰ্বাচন। এতিয়া ৰাজ্যৰ তিনিটা প্ৰধান ৰাজনৈতিক দলৰ মাজত কেনে ব্যস্ততা চলিছে ডিজিটেল পৃথিৱীত। অগপ, কংগ্ৰেছ আৰু বিজেপিয়ে ডিজিটেল মাধ্যমক উপযুক্তভাৱে ব্যৱহাৰ কৰিছেনে? বিশেষকৈ ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা বিজেপিয়ে এই মাধ্যমত কেনেদৰে সক্ৰিয় হৈছে?
অসমৰ তিনিটা প্ৰধান ৰাজনৈতিক দলৰেই আছে ৱেবছাইট। সাধাৰণতে সেই ৱেবছাইটবোৰত মুহূৰ্তৰ খবৰ মুহূৰ্ততে উপলব্ধ হয় বুলি মানুহৰ বিশ্বাস। তাতে এতিয়া ডিজিটেল ইণ্ডিয়াৰ শ্ল'গান চৌদিশে। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে ৰাজ্যৰ এই তিনিটা প্ৰধান ৰাজনৈতিক দলৰ ডিজিটেল পৃথিৱীত ভূমুকি মাৰিছিল। তেওঁলোকৰ ৱেবছাইটসমূহতনো কি দেখিলো। সেই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।
১. অসম ৰাজ্যিক বিজেপিঃ
লিংকঃ https://assam.bjp.org/org.php?d=sob
এইটো অসম ৰাজ্যিক বিজেপিৰ ৱেবছাইট। ৰাজ্যৰ শাসকীয় দলৰ বেৱছাইট এইটো। ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ ৱেবছাইটটো দৰ্শন কৰিলে আপুনি আচৰিত হ'ব। ডিজিটেল ইণ্ডিয়াৰ শ্ল'গান দিয়া ৱেবছাইটটোত জাক-জমকা ঠিকেই আছে। সৰ্বানন্দ সোণোৱালৰ ফটো, প্ৰধানমন্ত্ৰী মোডী আৰু অমিত শ্বাহৰ ফটোৰে এইটো হোমপেজ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/bjp-website-face.jpg)
স্ক্ৰলিং কৰি তললৈ গ'লেই দেখা পোৱা যাব ৰঞ্জিত দাসৰ বিষয়ে। 'সব কা সাথ, সব কা বিকাশ'ৰ পৰা আৰম্ভ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বিষয়ে আছে কিছু কথা। পেজটোৰ বাওঁফালে আছে ভূপেন হাজৰিকাৰ এখন আলোকচিত্ৰ। মৃত্যু তিথিত সুধাকণ্ঠক স্মৰণ কৰা আলোকচিত্ৰ এইখন। তাৰ তলতেই আছে দীনদয়াল উপাধ্যায়ৰ এখন আলোকচিত্ৰ আৰু তেওঁৰ বিষয়ে দুষাৰমান। কিন্তু বাওঁফালে আপুনি চকু দিলে চকু কঁপালত উঠিব। শেহতীয়া কাৰ্যক্ৰমণিকা অৰ্থাৎ 'ৰিচেন্ট এক্টিভিটিছ' বুলি উল্লেখ থকা এটা উপ-শিৰোনামেৰে তলত স্ক্ৰলিং হৈ আছে কেইটামান খবৰ। তাৰে প্ৰথমটো ২০১৮চনৰ ১০ আৰু ১১ অক্টোবৰত মাজুলীত অসম প্ৰদেশ কাৰ্যনিৰ্বাহকৰ বৈঠক অনুষ্ঠিত হ'ব বুলি লিখা কেইটামান শাৰী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/bjp-assam-webpage.jpg)
সভাপতি ৰঞ্জিত দাসৰ বিষয়ে লিখা চমু টোকাটোৰ তলতেই আছে প্ৰেছ ৰিলিজ। সেয়া এতিয়াৰ নহয়। ১৩ জানুৱাৰী, ২০১৮তেই দিয়া ভোগালী বিহুৰ শুভেচ্ছাৰে আৰম্ভ হৈছে এই প্ৰেছ ৰিলিজ। য'ত 'নতুন' বুলি সংকেত দিয়া আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/bjp-assam-webpage-2.jpg)
এই ৱেবছাইটটো আমি দৰ্শন কৰিছিলো ১২ মাৰ্চ, ২০১৯ত। 'এক্টিভিটিছ' শিতানত আপডেট কৰি থোৱা শেষৰটো প্ৰেছ ৰিলিজ আছে ২০১৬ৰ ৪ এপ্ৰিলৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/bjp-assam-webpage-3.jpg)
আৰু ফটো গেলাৰীত যদি চাই, তাত অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰীৰ এখন ফটোৱে শীৰ্ষত আছে। যিখন ৩০ মাৰ্চ, ২০১৬ৰেই। বিজেপিৰ বেৱছাইট এটাত এনে আশা কোনেও কেতিয়াও নকৰে। আপুনি যদি কিবা শেহতীয়া তথ্য বিচাৰি এই ৱেবছাইটটো দৰ্শন কৰে, তেন্তে হতাশ হোৱাৰ বাদে আন একো নহয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/bjp-assam-webpage-4.jpg)
ৱেবছাইটটোৰ 'টুল বাৰ'ত আছে 'অৰ্গেনাইজেশ্যন' শীৰ্ষক এটা শিতান। আপুনি তাত পাব ২০১৩ৰ পৰা ২০১৬চনৰ ৰাজ্যিক বিষয়ববীয়াৰ তালিকা। কিন্তু আপুনি কাৰোৰে যোগাযোগৰ নম্বৰ তাত নাপায়। যোগাযোগৰ নম্বৰৰ সলনি দিয়া আছে তেওঁলোকৰ ই-মেইল। দুই-এজনৰ অৱশ্যে নাই সেই ই-মেইলো। যেনে তাত উল্লেখ থকা উপ-সভাপতি সুশীল হাজৰিকা, সাধাৰণ সম্পাদক পুলক গোঁহাইৰ ই-মেইলৰ ঘৰ খালী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/bjp-assam-webpage-5.jpg)
সলনি হৈছে বিজেপিৰ বহু বিষয়ববীয়া। কিন্তু সলনি হোৱা নাই এই তালিকা ৱেবছাইটত। এনেকৈয়ে টানি-তুলি চলি আছে ৰাজ্যিক বিজেপিৰ ৱেবছাইট। হায়! ডিজিটেল ইণ্ডিয়া। ৰাজ্যিক বিজেপিৰ ৱেবছাইট দৰ্শন কৰি আপুনি মাথো ক'ব এইষাৰ কথা।
২. অসম প্ৰদেশ কংগ্ৰেছ কমিটীঃ
লিংকঃ http://www.assampcc.org/index.html
বিজেপিৰ দৰেই অসম প্ৰদেশ কংগ্ৰেছৰো একেই অৱস্থা। অৱশ্যে দুই-এটা দিশত আগবঢ়া প্ৰদেশ কংগ্ৰেছ। হ'লেও এই ৱেবছাইটটো চালেও আপুনি আচৰিতেই হ'ব। দেশৰ আৰু ৰাজ্যৰ প্ৰধান বিৰোধী দল প্ৰদেশ কংগ্ৰেছৰো এনে অৱস্থা! ডিজিটেল মাধ্যমৰ ব্যৱহাৰৰ প্ৰতি তেওঁলোক যেন উদাস। হোম পেজত ঠিকেই আছে নেতাসকলৰ ফটো। ছোনিয়া গান্ধী, ৰাহুল গান্ধী, হাতৰ চিহ্ন, দেবব্ৰত শইকীয়া, ৰিপুন বৰাৰ ফটো টুল বাৰৰ ওপৰত। টুলবাৰৰ তলতেই ৰিপুন বৰাৰ বিশেষ কাইদাৰে থকা এখন ফটো। নিজৰ ফটো ঠিকেই আপলোড কৰিছে ৰিপুন বৰাই। কিন্তু বাকীবোৰ কামহে ঠিকে চলা নাই ৱেবছাইটটোত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/apcc-webpage-1.jpg)
শেহতীয়া বাতৰি ৩১ জানুৱাৰী, ২০১৯তেই আপলোড কৰাৰ জাননী। তাৰে এখন লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ আবেদন বিচাৰি জাৰি কৰা জাননী। তাৰ তলতেই আছে লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব বিচৰা প্ৰাৰ্থীয়ে আৱেদন কৰিবলৈ জমা দিয়া ফৰ্ম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/apcc-webpage-2.jpg)
সংবাদমাধ্যম আৰু যোগাযোগ বিভাগৰ শিতানত এ পি চি চিয়ে কেবাজনৰো মুখপত্ৰৰ তালিকাৰ ইয়াত আপলোড কৰি থৈছে। তাৰে প্ৰথমটো নামেই দীজেন শৰ্মাৰ। প্ৰাক্তন কংগ্ৰেছী সাংসদ তেওঁ। নম্বৰ ঠিকেই দিয়া আছে তালিকাত। কিন্তু সেই নম্বৰ লৈ আপুনি তেওঁলোকক যোগাযোগ কৰিব বিচাৰিলে দুই-এজনৰ বাদে বাকী কেইজনলৈ ফোন লগাওঁতে আপোনাৰ ফোনেই গৰম হৈ যাব। ভাগৰি পৰিব আপুনি। কিন্তু নধৰে আপোনাৰ ফোন তেওঁলোকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/apcc-webpage-3.jpg)
'অৰ্গেনাইজেশ্যন' শিতানত যদি আপুনি খুলি চাই, তেন্তে ২০১৫চনত আপডেট কৰা দলটোৰ বিষয়ববীয়াৰ তালিকা এখন তাত পাব। এইদৰে চলিছে ৰাজ্যৰ বিৰোধী দলৰ ৱেবছাইট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/apcc-webpage-4.jpg)
কংগ্ৰেছৰ এই ৱেবছাইটটোতো নাই বিশেষ তথ্য। আচলতে কোনো অভিজ্ঞ লোকে পৰিচালিত কৰা নাই ৱেবছাইটটো। নাই কোনো কাণসাৰ ৱেবছাইটটোৰ প্ৰতি। প্ৰেছ ৰিলিজ শিতানলৈ গ'লে দেখিব ২০১৮ৰ ২১ নবেম্বৰতে দিয়া আছে শেষৰটো প্ৰেছ ৰিলিজ। তাৰ পাছত যেন কোনো কামেই কৰা নাই এইদলটোৱে। চৰম অনিহাৰে যেন পৰিচালিত হৈছে প্ৰদেশ কংগ্ৰেছৰ এই ৱেবছাইটটো। কোনে জানো তদাৰক কৰে এই ৱেবছাইট। দৰ্শন কৰি আপুনি মাত্ৰ ক'ব- এনে ৱেবছাইট থকাতকৈ নথকাই ভাল কংগ্ৰেছৰ।
৩. অসম গণ পৰিষদঃ
লিংকঃ http://www.asomganaparishad.in/#
মিত্ৰতাৰ বাদে আন একো চিন্তাই নাই অসম গণ পৰিষদৰ। সাংগঠনিক কাম-কাজ, আন প্ৰয়োজনীয় চিন্তা-চৰ্চা বাদেই দিলে আমবাৰীয়ে। এই কেইদিনতো ভীষণ ব্যস্ত বিজেপিৰে অংক মিলোৱাত। কেনেকৈনো চকু দিয়ে এইবোৰ কথালৈ। অগপৰ যে এটা ৱেবছাইট আছে সেয়া বহুতেই নাজানে। হয়তো নাজানে অগপৰ নেতা-কৰ্মী সকলেও। ৱেবছাইটো দৰ্শন কৰিলে আপুনি অগপ দল জীয়াই আছে নে নাই তাক লৈহে সন্দিহান হ'ব। এইটো অগপ দলৰ ৱেবছাইটৰ হোমপেজ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/agp-web-page-1.jpg)
হোম পেজত ঠিকেই আপলোড কৰা আছে অগপৰ বিধায়কসকলৰ ছবি। তাৰ কাষতে সোফালে অতুল বৰাৰ এখন আলোকচিত্ৰ। বৰ বিশেষ একো নাই যে সেই কথা দেখিলেই ধৰিব পাৰি। কোনোমতে আছে আৰু এটা ৱেবছাইট। নিউজ আৰু ইভেন্ট খালী। বাকীবোৰ শিতানৰো অৱস্থা একেই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/agp-web-page-10.jpg)
ৰিচেন্ট ফটোগ্ৰাফ বুলি যিটো শিতান আছে, সেয়া দেখিলে চক খাই উঠিব। অতুল বৰা আৰু কেশৱ মহন্তই যেন ইমান দিনে এখনহে ফটো মাৰিছে, এখনহে সংবাদমেলহে যেন তেওঁলোকে সম্বোধন কৰিছে। কোনোবাই হয়তো বনাই দিছে এইখন ফটোগ্ৰাফ। পাহৰিয়েই গ'ল- চন্দ্ৰমোহন পাটোৱাৰী যে এতিয়া দলত নাই। অগপই মোহ এৰিব পৰা নাই চন্দ্ৰমোহন পাটোৱাৰীৰ। মাজত ডাঙৰকৈ আছে মোডীৰো এখন আলোকচিত্ৰ। তাৰ কাষতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সম্ভৱ বিৰোধিতাৰে মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰা এখন ফটো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/agp-web-page.jpg)
ৱেবছাইটটো দৰ্শন কৰা লোকসকলে বুজি পাব অগপ কিমান এলেহুৱা। কিমান পিছ পৰা এই ক্ষেত্ৰত। অথচ নতুন প্ৰজন্মক আকৰ্ষিত কৰাৰ কথা কয় তেওঁলোকে। চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে প্ৰফুল্ল মহন্তৰ কাষত থাকি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা এখন ফটো আছে তাত। সেইখন কিমান পুৰণি হ'ব পাৰে নিজেই সময় গণনা কৰি লওঁক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/agp-web-page-2.jpg)
দলৰ সাংগঠনিক অৰ্থাৎ 'অৰ্গেনাইজেশ্যন' শিতানটো খুলিলে সভাপতি, কাৰ্যবাহী সভাপতি, উপ-সভাপতি বুলি উপ-শিতান ওলাই। কিন্তু তাত ক্লিক কৰিলেহে একো নোলায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/agp-web-page-3.jpg)
এই ৱেবছাইটটো খুলি কোনোবাই যদি অগপক বুজিম বুলি ভাবিছে, তেন্তে ভুলহে বুজিব। ইমান দলীয় কৰ্মী থকা পাছতো মন-কাণ নাই এই ৱেবছাইটটোৰ প্ৰতি। হয়তো খোলাৰ পৰা আপডেট কৰাই নাই এই ৱেবছাইটটো। কিনো ক'ব! অগপৰ নিজৰেই অৱস্থা এতিয়া কাহিল। আমবাৰীৰ হাতী যেন এতিয়া গভীৰ নিদ্ৰাত। কি ক'ব, এয়াই আজি ৰাজ্যৰ এসময়ৰ শক্তিশালী আঞ্চলিক দলটোৰ অৱস্থা ডিজিটেল মাধ্যমত।
৪. তৃণমূল কংগ্ৰেছঃ
লিংকঃ http://aitcofficial.org/
অসমৰ দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু প্ৰধান আঞ্চলিক দলৰ এই অৱস্থা দেখি আমি খুলি চাইছিলো চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ ৱেবছাইটটো। ভাবিছিলো অসমৰ দৰেই হ'ব চাগে তেওঁলোকৰো অৱস্থা। কিন্তু পৃথক ছবি এখনহে দেখা পোৱা গ'ল। এইটো তৃণমূল কংগ্ৰেছৰ ৱেবছাইট-
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/trinomul-webpage.jpg)
১২ মাৰ্চ, ২০১৯ত দলটোৱে প্ৰকাশ কৰিছিল ৪২ খন আসনৰ বাবে প্ৰাৰ্থীৰ তালিকা। সংবাদমেলযোগে দলটোৰ নেত্ৰী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছিল এই তালিকা। আবেলি ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাৰ বিষয়ে আমি ৱেবছাইটটোত পাম বুলি ভবাই নাছিল। কিন্তু সেয়া লগে লগে উপলব্ধ কৰি দিয়া হৈছিল ৱেবছাইটটোত। প্ৰায় প্ৰতিদিনেই ৱেবছাইটটোত আপলোড কৰা হয় দলটোৰ দিনটোৰ কাৰ্যক্ৰমণিকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/trinomul-webpage-2.jpg)
অতি সুপৰিকল্পিতভাৱে ৱেবছাইটটো ডিজাইন কৰা হৈছে। প্ৰতিটো তথ্য যেন উপলব্ধ হয় তাৰ প্ৰতি দৃষ্টি ৰখা হৈছে। আনকি নিৰ্বাচনী আয়োগৰ নিৰ্দেশ মানি দললৈ কোনোবাই অৰিহণা আগবঢ়াব বিচাৰিলে কেনেদৰে দিব তাৰো ব্যৱস্থা আছে ৱেবছাইটটোত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/trinomul-webpage-3.jpg)
কেৱল এয়াই নহয়। কেতিয়া কোনখন সভা আছে, তাৰো সবিশেষ তথ্য আছে ৱেবছাইটটোত। কোনো লোকে যিকোনো তথ্য বিচাৰিলে পাব এই ৱেবছাইটটোৰ জৰিয়তে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/trinomul-webpage-4.jpg)
ফটো গেলাৰী চাওঁতে উপলব্ধ হ'ল ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উদযাপনৰ বিশেষ কিছু মুহূৰ্ত। লগতে এই শিতানত আছে মমতা বেনাৰ্জীৰ পৰা আৰম্ভ কৰি তৃণমূল কংগ্ৰেছৰ বিভিন্ন সময়ৰ আলোকচিত্ৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/trinomul-webpage-5.jpg)
এয়াই এতিয়া সত্য। অসমত যেন ডিজিটেল ইণ্ডিয়া শূন্য। ফেচবুক, টুইটাৰত দুই-এজনে ব্যক্তিগতভাৱে টুইট কৰে। কিন্তু দলৰ অফিচিয়েল ৱেবছাইটক ৰাজ্যৰ প্ৰায় কেইটা আঞ্চলিক দলেই কৰিছে উপেক্ষা। অসমৰ নৱপ্ৰজন্মই এই ৰাজনৈতিক দলবোৰৰ মুখত এতিয়া কিদৰে শুনিব ডিজিটেল ইণ্ডিয়াৰ কথা। মুখতহে তেওঁলোকে দিয়ে ডিজিটেল ইণ্ডিয়াৰ শ্ল'গান। বাস্তৱত এইবোৰলৈ নাই কোনো কাণসাৰ। অসমৰ ৰাজনৈতিক দলৰ নেতৃত্ব এতিয়া ইমানেই আগবঢ়া! নিজ দলৰ ৱেবছাইটটো আপডেট কৰিবলৈও তেওঁলোকৰ হাতত নাই সময়। হায়! কি বিড়ম্বনা।