/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/d34f6911-f54e-416e-8cd2-da08a021a7cc/a16.jpg)
ডিজিটেল সংবাদ,সোণাৰিঃ লাকুৱা পথালি গড়ৰ ধৰ্মপ্ৰাণ মহিলা দুৰ্গেশ্বৰী বৰুৱাৰ বিয়োগ। শনিবাৰে তেওঁৰ মৃত্যু হয়। পৰিয়ালৰ লোকে জনোৱা মতে তেওঁ কিছু দিন ধৰি উচ্চ ৰক্তচাপ জনিত ৰোগত চিকিৎসাধীন হৈ শয্যাগত অৱস্থাত আছিল।
সৰবৰহী তথা ধৰ্মপ্ৰাণ মহিলাগৰাকীৰ বিয়োগৰ খবৰে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে ৷ মৃত্যুৰ সময়ত প্ৰয়াত দুৰ্গেশ্বৰী বৰুৱাই চাৰিগৰাকী কন্যা,এজন জোঁৱাই, দুই নাতি- নাতিনী ইহসংসাৰ এৰি থৈ যায়। আনহাতে প্ৰয়াত বৰুৱা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ শাহুৱেক আছিল।
Also Read: "মামা চকু মেলি চাওঁক আমালৈ..." মুখ্যমন্ত্ৰীলৈ কিয় এই কাতৰ অনুৰোধ কন কন ছাত্ৰ-ছাত্ৰীৰ