৫ বজাৰ পাছতো তেজপুৰত ভোটদানৰ বাবে দীঘলীয়া শাৰী…

৫ বজাৰ পাছতো তেজপুৰত ভোটদানৰ বাবে দীঘলীয়া শাৰী…

author-image
asomiyapratidin
New Update
৫ বজাৰ পাছতো তেজপুৰত ভোটদানৰ বাবে দীঘলীয়া শাৰী…

ফাইল ফটো

ডিজিটেল সংবাদ, তেজপুৰঃ ২০১৯ বৰ্ষৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত ভোটাৰৰ ব্যাপক উপস্থিতিৰ বাবেই পাঁচ বজাৰ পাছতো বহু ভোট গ্ৰহন চলি আছে। তেজপুৰ অঞ্চলৰ হৰিজন হিন্দী প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত বৰ্তমান সময়তো প্ৰায় তিনি শতাধিক লোকে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে শাৰী পাতি আছে।

তেজপুৰ বিধানসভা সমষ্টিত ২২৫ টা ভোটগ্ৰহণ কেন্দ্ৰত পাঁচ বজাৰলৈকে প্ৰায় ৭৫ শতাংশ লোকে ভোটদান কৰিছে। একেদৰে ঢেকীয়াজুলীত ২৫৩ ভোটকেন্দ্ৰত প্ৰায় ৭৪ শতাংশ, বৰছলাত ২১৩ টা ভোটকেন্দ্ৰত প্ৰায় ৭৩.৬০ শতাংশ, ৰঙাপৰাত ১৯৭ টা ভোটগ্ৰহণ কেন্দ্ৰত ৭২.৬৮ শতাংশ আৰু চতিয়াত ২২৮ টা ভোটগ্ৰহণ কেন্দ্ৰত ৭১.৭০ শতাংশ ভোটগ্ৰহণ হৈছে।